Greater Adjutant(Leptoptilos Dubius) of Assam is in Deep Crisis of Existence:২০২২ৰ তুলনাত হ্রাস,মহানগৰীৰ কে’বাটাও অঞ্চলত বসতি এৰিলে হাড়গিলাই

শেহতীয়া জৰীপত উদ্বেগজনক তথ্য প্রকাশ, অস্তিত্বৰ গভীৰ সংকটত অসমৰ হাড়গিলা, ১,৭০২ টাহে ৰৈছেগৈ

hargila 1

Greater Adjutant(Leptoptilos Dubius) of Assam is in Deep Crisis of Existence:

অসমত অস্তিত্বৰ গভীৰ সংকটৰ গৰাহত পৰিছে হাড়গিলা। ২০২৩ৰ জৰীপত পোহৰলৈ অহা উদ্বেগজনক তথ্যই প্রকৃতিপ্রেমীসকলক উদ্বিগ্ন কৰি তুলিছে। ২০২২ৰ গণনাত অসমত মুঠ ১,৯১৯টা হাড়গিলাৰ উপস্থিতি ধৰা পৰিছিল যদিও শেহতীয়া ২০২৩ৰ ডিচেম্বৰত হোৱা গণনাত ১,৭০২টা হাড়গিলাৰ উপস্থিতিহে ধৰা পৰে।

বিগত বৰ্ষসমূহৰ দৰেই প্রকৃতিপ্রেমী সংগঠন আৰ্লী বার্ডছে অন্যান্য প্রকৃতিপ্রেমী সংগঠনৰ সহযোগত যোৱা ডিচেম্বৰত ৰাজ্যৰ হাড়গিলা বিচৰণস্থলীসমূহত গণনা চলাইছিল।

এই গণনাত পূর্বে হাড়গিলাব উপস্থিতি ধৰা পৰা কে’বাটাও স্থানত এইবাৰ হাড়গিলাৰ উপস্থিতি নাপালে গণনাকাৰী দলে। প্রকৃতি সংগঠনটোৰ সভাপতি মলয় বৰুৱাই সদৰী কৰা তথ্য অনুসৰি, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ সাতটা স্থানত মুঠ ২৩৯টা হাড়গিলাৰ উপস্থিতি পোৱা গ’ল।

ইয়াৰে ২৩৬টা দীপৰ বিলৰ সমীপৰ জাৱৰৰ দ’মৰ ওপৰত ধৰা পৰে। এই স্থানত গণনাৰ দায়িত্বত আছিল সভাপতি বৰুৱাকে ধৰি ত্রিদীপ তপোবন ফুকন আৰু দেৱানন্দ বৰুৱা।

কিন্তু পূর্বে উপস্থিতি ধৰা পৰা জিঞ্জাৰ হোটেলৰ আশে-পাশে, শিলসাঁকো বিল, বৰচলা, সৰুচলা বিল, উলুবাৰী বজাৰ, উজান বজাৰৰ নৈ পাৰ, উলুবাৰী কবৰস্থান আৰু বৰঝাৰৰ কাষৰ পাচনীয়াপাৰাৰ ডবকা বিলৰ উপৰি কমলপুৰৰ বৰডেকপাৰ গাঁৱত এটাও হাড়গিলা পোৱা নগ’ল বুলি বৰুৱাই সদৰী কৰে।

সমান্তৰালভাৱে ঢকুৱাখনাত ১১টা, দিখৌমুখত আঠটা, জাজীমুখৰ মিছামাৰী বিলত তিনিটা, মহামায়া থানৰ কাষৰীয়া চি অঞ্চলত দুটা, আঠিয়াবাৰী দৰঙত ১৬টা, লখিমপুৰৰ কুৱাবাৰী দলনিত ১১টা হাড়গিলাৰ উপস্থিতি ধৰা পৰে। একেদৰে দদৰা, পচৰীয়া, আমিনগাঁও, শিঙিমাৰী, বঙলাগড়, চটালি বিলত ১,০৮৮ টা, মৰিগাঁৱৰ কাছাৰী গাঁও, বাকৰা গাঁও, ৰহা, লতামাৰি, গছৰগুৰি আৰু মনহা গাঁৱত ৩০৯টা, যোৰহাটত ১৮টা, নগাঁৱত ৮০টা হাড়গিলাৰ উপস্থিতি গণনাত ধৰা পৰে।

এই সন্দর্ভত আলী বাৰ্ডছৰ সভাপতি বৰুৱাই কয় যে হাড়গিলা প্রতি বছৰে একে ঠাইতে পোৱা নাযায়। খাদ্য আহৰণৰ স্থান সলনি হ’লেই হাড়গিলাই ঠাই সলনি কৰে। সমান্তৰালভাৱে হাড়গিলা চৰাই সংৰক্ষণৰ লগত ওতঃপ্রোতভাবে জড়িত তথা হাড়গিলা বিশেষজ্ঞ ড° পূর্ণিমা বৰ্মনে সদৰী কৰা অনুসৰি, যেতিয়ালৈকে হাড়গিলাৰ সংখ্যা পাঁচ হেজাৰৰ তলত থাকিব,

তেতিয়ালৈ ইয়াৰ স্থিতি দুৰ্বল আৰু ইয়াৰ অবলুপ্ত হোৱাৰ সংশয় অধিক। এনেদৰে ক্ৰমান্বয়ে হাড়গিলাৰ সংখ্যা হ্রাস পাই অহা ঘটনাই প্রকৃতিপ্রেমীসকলক উদ্বিগ্ন কৰি তুলিছে। বিশেষকৈ মহানগৰীত লক্ষ্যণীয়ভাবে হাড়গিলাৰ সংখ্যা হ্রাস পোৱাৰ তথ্যই সকলোকে চিন্তিত কৰিছে।

এটা সময়ত হাড়গিলাৰে ভৰি থকা শিলসাঁকোকে ধৰি বৰছলা, সৰুচলা বিল, উজানবজাৰত এটাও হাড়গিলাৰ উপস্থিতি ধৰা নপৰা বিষয়টোৱে বিভিন্ন প্রশ্ন অৱতাৰণা হৈছে।

বাসস্থানৰ উপযোগী স্থান নোপোৱা, খাদ্যৰ অভাৱ, শব্দ প্ৰদূষণ আদিৰ কাৰকবোৰৰ বাবেই হাড়গিলাই সংশ্লিষ্ট স্থানসমূহ এৰি যোৱা বুলি সন্দেহ প্রকাশ কৰিছে প্রকৃতিপ্রেমীসকলে।

উল্লেখ্য যে হাড়গিলা এনে এবিধ চৰাই, যিয়ে সমাজত চাফাই কর্মীৰূপে কাম কৰে। পৰিৱেশৰ পৰা লেতেৰা আৱৰ্জনা খাই ই পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে; কিন্তু সজাগতাৰ অভাৱৰ ফলতে আজি এই চৰাইবিধে অস্তিত্বৰ সংকটত ভুগিছে বুলি তেওঁলোকে মন্তব্য কৰে।

Exit mobile version