No Officers and Employees Present in Nagaon:নগাঁৱত ঘন্টাৰ পাছত ঘন্টা বোন্দাপৰ দিবলগীয়া হয় দূৰ-দূৰণিৰ পৰা অহা ৰাইজে

কার্যালয়ত ১১ বজালৈ পদার্পণ নঘটে বিষয়া-কর্মচাৰীৰ, কুম্ভকৰ্ণ নিদ্ৰাত জিলা আয়ুক্ত !

dc court

No Officers and Employees Present in Nagaon:

চৰকাৰৰ নিৰ্দেশনা অনুসৰি ৰাজ্যৰ সকলোবোৰ চৰকাৰী কাৰ্যালয়ৰ কৰ্মৰ সময়সূচী হৈছে পুবা ন বজাৰ পৰা বিয়লি চাৰে পাঁচ বজা। অৱশ্যে এই সময়খিনিৰ মাজতে হতে দুপৰীয়া ১-৩০ বজাৰ পৰা দুই বজালৈ চাহ বিৰতিৰ সময়; কিন্তু অতি পৰিতাপৰ বিষয় যে নগাঁও সদৰত অৱস্থিত বিভিন্ন চৰকাৰী কাৰ্যালয়, চৰকাৰী খণ্ডৰ বিত্তীয় প্রতিষ্ঠান আদিত পুৱা ১১ বজালৈকে পদার্পণ নঘটে অধিকাংশ বিষয়া-কর্মচাৰীৰ।

ফলত ১১ বজাৰ পাছতহে চৰকাৰী কাম-কাজ আৰম্ভ হয়। চৰকাৰী বিষয়া-কর্মচাৰী সকলে পুৱা ৯-৩০ কামত হাত দিব লাগে; কিন্তু বিভিন্ন অজুহাতত বিষয়া-কর্মচাৰী সকলে কোনো দিনাই নির্ধাৰিত সময়ত কার্যালয়ত উপস্থিত নহয়। ফলত বিভিন্ন কামত দূৰ-দূৰণিৰ পৰা অহা ৰাইজে ঘন্টাৰ পাছত ঘন্টা বোন্দাপৰ দিবলগীয়া হয়।

জিলাখনৰ চৰকাৰী কাৰ্যালয়সমূহত একাংশ বিষয়া- কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ এই নমুনা দেখি ৰাইজৰ পেটতে হাত ভৰি লুকুৱাব লগা অবস্থাৰ সৃষ্টি হৈছে।

উল্লেখ্য যে নগাঁও জিলা সদৰত অৱস্থিত বিভিন্ন চৰকাৰী কার্যালয়সমূহ ক্রমে জিলা আয়ুক্তৰ কাৰ্যালয়, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়, জিলা উপাযুক্তৰ কাৰ্যালয়ত সংলগ্ন জিলা পৰিকল্পনা বিষয়াৰ কাৰ্যালয়,যোগান বিভাগৰ অধীক্ষকৰ কাৰ্যালয়কে ধৰি বিভিন্ন কাৰ্যালয়,কৰ অধীক্ষকৰ কাৰ্যালয়, কৰ ভৱন, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়,জিলা নিৰ্বাচন বিষয়াা কাৰ্যালয় , জিলা পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়, জিলা অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়াৰ কাৰ্যালয়, জিলা পৰিবহণ বিষয়াৰ কার্যালয়, জলসম্পদ বিভাগৰ কাৰ্যালয়সমূহ, জলসিঞ্চন বিভাগৰ কাৰ্যালয়সমূহ, বন বিভাগৰকার্যালয়সমূহ, নগাঁও জিলা সংমণ্ডল বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কার্যালয়, জিলা প্রাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়, বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়, বিদ্যুৎ বিভাগৰ কাৰ্যালয়সমূহ, জিলা পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়, কৃষি বিভাগৰ কার্যালয়, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্র, নিয়োগ কেন্দ্র, সমবায় বিভাগৰ কাৰ্যালয়, আবকাৰী অধীক্ষকৰ কার্যালয়, সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়সমূহ, লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়সমূহ, পর্যটন বিভাগৰ কাৰ্যালয়, অনুসূচিত জাতি কল্যাণ বিভাগৰ হ কার্যালয়, জিলা কোষাগাৰ, পঞ্জীয়কৰ কাৰ্যালয়, ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয়কে প্ৰমুখ্যে বিভিন্ন চৰকাৰী কাৰ্যালয়, বিভিন্ন চৰকাৰী খণ্ডৰ বিত্তীয় প্রতিষ্ঠানসমূহৰ লগতে জিলাখনৰ বিভিন্ন ঠাইত অৱস্থিত বিভিন্ন বিভাগৰ কাৰ্যালয়ত একাংশ বিষয়া-কৰ্মচাৰীয়ে ১১ বজাৰ পাছতহে কার্যালয়লৈ অহাটো এক প্ৰকাৰৰ নিয়মত পৰিণত হৈছে।

যিহেতু বিভিন্ন বিভাগৰ মুৰব্বী চৰকাৰী বিষয়া সকলেই চৰকাৰী নিৰ্দেশনা উলংঘা কৰি বহু পলমকৈ কাৰ্যালয়লৈ আহে সেয়েহে আন কৰ্মচাৰী সকলেও তেওঁ লোককে অনুকৰণ কৰা পৰিলক্ষিত হৈছে; কিন্তু ইয়াৰ দুর্ভোগ ভুগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে।

কর্মত ফাঁকি দিয়া বিষয়া-কর্মচাৰীসকলে ১১ বজাৰ পাছতহে নিজা নিজা কার্যালয়ত উপস্থিত হৈ কাম চম্ভালে মানে প্রায় বাৰ বাজে। চৰকাৰী সময়সূচী অনুসৰি জিলাখনৰ বিভিন্ন বিভাগৰ অধিকাংশ বিষয়া-কৰ্মচাৰীয়েই কার্যালয়ত উপস্থিত থাকি কাম-কাজ নকৰাত তেওঁলোকৰ টেবুলত ফাইলৰ দ’ম হোৱা পৰিলক্ষিত হৈছে।

এইসকল কামোৰ বিষয়া-কৰ্মচাৰীৰ বাবেই এদিনতে সম্পাদিত হ’বলগীয়া এটা কামৰ বাবে একোজন লোকে মাহৰ পাছত মাহ তাঁত-বাতি কৰিব লগীয়া হয়। জিলাখনৰ চৰকাৰী কাৰ্যালয়সমূহত নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ একাংশ বিষয়া- কৰ্মচাৰীৰ উপস্থিতিৰ সন্দৰ্ভত ভুক্তভোগী ৰাইজে বাৰম্বাৰ জিলা আয়ুক্তক অভিযোগ দি আহিছে যদিও ব্যৱস্থাৰ কোনো পৰিৱৰ্তন নহ’ল।

অৱশ্যে জিলাখনৰ জিলা সদৰ কিম্বা সৰু সৰু নগৰ, গ্রামাঞ্চলত অৱস্থিত অধিকাংশ চৰকাৰী কাৰ্যালয়ৰেই অধিকাংশ বিষয়া-কর্মচাৰীয়েই নিতৌ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সময়মতে কার্যালয়ত উপস্থিত নাথাকিলেও এমুঠিমান নিষ্ঠাৱান বিষয়া-কর্মচাৰীয়ে; কিন্তু সময়মতেই কার্যালয়লৈ আহ-যাহ কৰি থকা পৰিলক্ষিত হৈছে।

স্মৰ্তব্য যে আজিৰ দিনটোতো নগাঁও সদৰস্থ অধিকাংশ চৰকাৰী কাৰ্যালয়তেই পুৱা ১১ বজালৈকে অধিকাংশ বিষয়া-কৰ্মচাৰীয়েই ভৰি দিয়া পৰিলক্ষিত নহ’ল। কেৱল মাত্র বিভিন্ন কামত সংশ্লিষ্ট কাৰ্যালয়লৈ দূৰ দূৰণিৰ পৰা অহা একাংশ লোক আৰু চতুর্থবর্গৰ কৰ্মচাৰীকেইজনেই কাৰ্যালয়ত ইফাল-সিফাল কৰি থকা পৰিলক্ষিত হয় ৷

এই ক্ষেত্ৰত জিলা আয়ুক্ত গৰাকীৰ অমনোযোগিতা আৰু চাদেন ভিজিত নকৰাই বাবেই এতিয়া উভতাগোৰে নাচিছে একাংশ চৰকাৰী বিষয়া- কৰ্মচাৰী ৷ কিন্ত এওঁলোকক নাকি লগাব কোনে ৷

Exit mobile version