Counting of Votes In NCHAC:উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ভোটগণনা অব্যাহত

১২ খন আসনতে বিজেপিৰ জয়লাভ,৩ খনত অগ্ৰগতি, ৰাহুলৰ ভ্ৰমণৰ পূৰ্বে পাহাৰত কংগ্ৰেছৰ চৰম বিপৰ্যয়, মুখ থেকেচা কংগ্ৰেছৰ ,কোনো এটা সমষ্টিতে অগ্ৰগতি নাই কংগ্ৰেছ

nchac

Counting of Votes In NCHAC:

আজি পাহাৰীয়া জিলা ডিমা হাচাও উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা পৰ্ব পুৱাৰে পৰা অব্যাহত আছে ৷ হাফলঙৰ ডনবক্স বিদ্যালয়ৰ সাতটা কোঠাত ৭৪ খন টেবুলত আৰম্ভ হোৱা ২২ আসনৰ ৮৬ গৰাকীৰ ভাগ্য নিৰ্ণয় নিৰ্ণয় হ’ব।

উল্লেখ্য যে,২৮ খন আসন বিশিষ্ট পৰিষদ খনৰ ছয় গৰাকী বিজেপি প্ৰাৰ্থী ইতিমধ্যেই বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল ৷

হাঁড় কপোঁৱা ঠাণ্ডাৰ মাজত কটকটীয়া নিৰাপত্তা বেষ্টনীত আৰম্ভ হোৱা ভোটগণনাত শাসনাধিষ্ঠিত বিজেপিৰ হাইপ্ৰফাইল প্ৰাৰ্থী দেবুলাল গাৰ্লোছা, নিৰঞ্জন হোজাই সহ আন কে’বাজনো প্ৰাৰ্থী বিপুল ভোটৰ জয়লাভ কৰাৰ লগতে আটাইবোৰ আসনতে বিজেপিৰ প্ৰাৰ্থীয়ে বিপুল অগ্ৰগতি লাভ কৰিছে ৷

আনহাতে কোনো এখন আসনতে কংগ্ৰেছ সহ আন বিৰোধী প্ৰাৰ্থী সকলে অগ্ৰগতি লাভ কৰা নাই ৷

শেহতীয়া খবৰ অনুসৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনাত বৰ্তমানলৈ ১৭টা সমষ্টিত বিজেপি প্ৰাৰ্থী জয়ী হোৱাৰ লগতে আন তিনি সমষ্টিত দলটোৱে ব্যাপক অগ্ৰগতি লাভ কৰিছে ৷

বিজেপিৰ বিজয়ী প্ৰাৰ্থী সকল হ’ল হাফলং পৰা ডন পাইনন থাউচেন, লাইছঙত পাউদামমিং ৰিয়ামে,বৰাইলত এন লিয়েন থাং,জাতিংগাত ফ্লেমিং ৰূপচী শাইলাৰ,মাহুৰত প্ৰবিতা জহৰী ৷

বিজেপিৰ বিজয়ী প্ৰাৰ্থীৰ মাজত ব্যাপক উল্লাস পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে,ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ পূৰ্বে পাহাৰত কংগ্ৰেছৰ চৰম বিপৰ্যয় হয় ৷ কোনো এটা সমষ্টিতে অগ্ৰগতি নাই কংগ্ৰেছৰ ৷

Exit mobile version