Panchakarma Block And PHARMACOLOGY & CHEMISTRY LABORATORIES FOR AYUSH Opening: কেন্দ্ৰীয় আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠান গুৱাহাটীত আয়ুস মন্ত্ৰী সৰ্বানন্দ সোনোৱাল

পঞ্চকৰ্মা ব্লক আৰু PHARMACOLOGY & CHEMISTRY LABORATORIES FOR AYUSHৰ শুভ উদ্বোধন

sonowal 1

Panchakarma Block And PHARMACOLOGY & CHEMISTRY LABORATORIES FOR AYUSH Opening:

মহানগৰীৰ ভেটাপাৰাস্থ কেন্দ্ৰীয় আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠান আৰু আঞ্চলিক হোমিঅ’পেথী গৱেষণা প্ৰতিষ্ঠান চৌহদত শুক্ৰবাৰে কেন্দ্ৰীয় আয়ুস,জাহাজ আৰু বন্দৰ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কে’বাটাও কাৰ্যসূচীত অংশলোৱাৰ বাবে উপস্থিত হয় ।

মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠান গুৱাহাটী আৰু আঞ্চলিক হোমিঅ’পেথী গৱেষণা প্ৰতিষ্ঠান গুৱাহাটীৰ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সভাত পঞ্চকৰ্মা ব্লক আৰু PHARMACOLOGY & CHEMISTRY LABORATORIES FOR AYUSHৰ শুভ উদ্বোধন কৰাৰ লগতে মাল্টিপল আয়ুস ডেভেলপমেণ্ট প্ৰজেক্টৰো শিলান্যাস স্থাপন কৰে ৷

উদ্বোধন কৰি দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয়, আয়ুস নামৰ এই পাৰস্পৰিক চিকিৎসা সেৱা মন্ত্ৰণালয়টোক ২০১৪ বৰ্ষৰ পূৰ্বে দেশৰ কোনো লোকেই পৰিচিত নাছিল ৷ অথচ এই মন্ত্ৰণালয়টোৰ জৰিয়তে আয়ুৰ্বেদিক আৰু হোমিঅ’পেথী চিকিৎসা লাভ কৰিব পাৰে জনসাধাৰণে ৷

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত চাৰে নটা বৰ্ষত সুশাসন এখন বিকশিত ভাৰত গঢ়াৰ লক্ষৰে প্ৰতিটো মন্ত্ৰণালয়ক সক্ৰিয় কৰি তেওঁৰ মাৰ্গদৰ্শনত দেশবাসীয়ে বৈপ্লৱিক পৰিৱৰ্তন দেখিবলৈ সক্ষম হৈছে । তাৰে ফচল ৰূপে আজি কেন্দ্ৰীয় আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠান গুৱাহাটী আঞ্চলিক কাৰ্যালয় আৰু আঞ্চলিক হোমিঅ’পেথী গৱেষণা প্ৰতিষ্ঠান গুৱাহাটীৰ উদ্যোগত পঞ্চকৰ্মা ব্লক আৰু PHARMACOLOGY & CHEMISTRY LABORATORIES FOR AYUSHৰ শুভ উদ্বোধনৰ লগতে মাল্টিপল আয়ুস ডেভেলপমেণ্ট প্ৰজেক্টৰো আধাৰশিলা স্থাপন কৰা হৈছে ৷

প্ৰধানমন্ত্ৰীয়ে উত্তৰ -পূৰ্বৰ অষ্টলক্ষীক ৰাষ্ট্ৰৰ ভিতৰত অধিক বিকশিত কৰাৰ উদ্দেশ্যৰে কেতবোৰ প্ৰকল্প হাতত লৈছে বুলি উল্লেখ কৰি সোনোৱালে কয়,প্ৰধানমন্ত্ৰী মোদীয়ে দেশত শেহতীয়াকৈ যি দ্ৰুত উন্নয়নৰ ঢল বোৱাইছে যাৰ ফলশ্ৰুতিত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিৰ হাব ৰূপে পৰিচিত হৈছে ভাৰত ৷ আগন্তুক দিনত ভাৰত বিশ্বৰ সকলো দেশৰ বাবে আইকন হিচাপে পৰিচিত হোৱাটো ধুৰুপ বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷

অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত,গুৱাহাটীৰ সাংসদ কুইন ওজা, বিধায়ক সকল অতুল বৰা,ৰমেন্দ্ৰ নাৰায়ণ কলিতা,নৱ দলে,গুৱাহাটী পৌৰনিগমৰ ডেপুটি মেয়ৰ স্মৃতি ৰয় সহ আয়ুস মন্ত্ৰণালয়ৰ কে’বা গৰাকী উচ্চপদস্থ বিষয়াবৰ্গ উপস্থিত থাকে ৷

Exit mobile version