Apurba kumar BhattaChary Press Meet:কংগ্ৰেছৰ পৰা পদত্যাগ অপূর্ব কুমাৰ ভট্টাচাৰ্যৰ

পদত্যাগৰ পাছতেই গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন

Snapshot

Apurba kumar BhattaChary Press Meet:

অসম প্ৰদেশ কংগ্ৰেছৰ বলিষ্ঠ নেতা অপূর্ব কুমাৰ ভট্টাচাৰ্যই আজি আনুষ্ঠানিকভাৱে পদত্যাগ কৰে ৷ পদত্যাগৰ পাছতেই গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি কয়, ২০১৩ ত ম‌ই কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ ৷

তেতিয়া পৰা আজি পুৱালৈ দলৰ ক্ষতি হোৱা কোনো কাম মই কৰা নাছিলো ৷ ২০১৩ চনৰ পৰা বহুত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচাৰিছিলো । কিন্তু মোক কোনোবাৰে মোক টিকট নিদিলে৷

আনহাতে ২০২১ ত মই টিকট বিচাৰিছিলো কিন্তু মোক নিদিলে ৷ শেহতীয়াকৈ পাৰ্বত্য জিলা ডিমা হাচাওৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছে যি ভূমিকা ল’ব লাগিছিল সেয়া লোৱা দেখা পোৱা নগ’ল ৷

আন এক প্ৰসংগত দলে নীতি নিৰ্ধাৰণ সমিতিৰ পৰা আমাক আতৰাই ৰখাৰ পিছতে ম‌ই ভাবিলো যে সিদ্ধান্ত লোৱাৰ সময় সমাগত ৷ সেই অনুসৰি আজি পুৱাই ম‌ই ৰাজীৱ ভৱনত গৈ মোৰ পদত্যাগ পত্ৰ দাখিল কৰি আহিছো ৷

ভট্টাচাৰ্যই আৰু কয় যে,মই দল ত্যাগ কৰিলেও দলৰ একো ক্ষতি নহয়৷মই এজন খেলুৱৈ , খেলুৱৈ যেনেকৈ এখন পথাৰ এৰিলে আন এখন পথাৰত খেলিবলৈ যায়, তেনেকৈ মই ও বেলেগ ৰাজনৈতিক মঞ্চত থাকি ৰাইজৰ কাম কৰিব৷ এই সন্দৰ্ভত পুনৰ অসম গণ পৰিষদৰ লৈ যোৱা ইংগিত দিয়ে ভট্টাচাৰ্যৰ ৷

এপিচিচিৰ শেহতীয়া কৰ্মকাণ্ড সন্দৰ্ভত ভট্টাচাৰ্যই কয়,দিল্লীৰ পৰা অহা নেতাৰ বাবে ক্ষয় হৈছে প্ৰদেশ কংগ্ৰেছৰ ৷ প্ৰদেশ কংগ্ৰেছত বহু জেষ্ঠ নেতা নিজৰ দ্বায়িত্বৰ পৰা বঞ্চিত হৈ আছে ৷ আশা সপোন শেষ হলে হে মানুহ এখন ঘৰৰ পৰা ওলাই আহে। অবহেলীত হৈ থকাত কৈ ওলাই অহা ভাল ৷

আন এক গুৰুত্বপূৰ্ণ প্ৰসংগৰ অৱতাৰণা কৰি কয়, কংগ্ৰেছক শেষ কৰিবলৈ দিল্লীৰ এজেণ্টেই যথেষ্ট ৷ এপিচিচিৰ সভাপতিয়ে এই নহয় হাইকামাণ্ডে হে চলাই দল ৷

ৰাহুল গান্ধীৰ মণিপুৰৰ পৰা উত্তৰ – পূৰ্বৰ ন্যায় যাত্ৰা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত ভট্টাচাৰ্যই কয় প্ৰথমে দলীয় নেতা- কৰ্মীক ন্যায় দিয়ক৷ তাৰ পাছত প্ৰকৃত ন্যায় যাত্ৰা কৰক ৷

Exit mobile version