Manikut Festival, ‘Samannya Procession’ in Hajo:তীর্থনগৰী হাজোত ‘মণিকূট উৎসৱ, ‘সমন্বয় শোভাযাত্রা’ৰ প্রস্তুতি

হাজোবাসীৰ মাজত পাৰভঙা উদ্দীপনা

manikut utsav

Manikut Festival, ‘Samannya Procession’ in Hajo:

হিন্দু,- মুছলমান আৰু বৌদ্ধৰ ত্রিবেণী সংগম, সমন্বয়ৰ মিলনভূমি ‘তীর্থনগৰী’ হাজো। ধর্মীয় সংকীর্ণতাৰ ঊর্ধ্বত শান্তি-সম্প্রীতি আৰু সমন্বয়ৰ বাণী মানর সমাজত বিলাই দিবলৈ সমাগত ভোগালী বিহু উপলক্ষে পহিলা মাঘৰ পৰা তীৰ্থনগৰী হাজোব ঐতিহাসিক পোৱামক্কা দর্গাহ আৰু হয়গ্ৰীৱ মাধব মন্দিৰত আৰম্ভ
হ’ব।

এমাহজোৱা মহামিলনৰ উৎসৱ ক্রমে ‘উৰুছ মেলা’ আৰু ‘মাঘি মেলা’ তথা ‘মণিকূট উৎসৱ’। এই মহামিলনৰ উৎসৱক লৈ হাজোৰ ৰাইজৰ পাৰভঙা উছাহ-উদ্দীপনাৰ যেন অন্ত নাই। প্রবাদ অনুসৰি, সুদূৰ অতীজত পোৱামক্কা দর্গাহৰ ‘খাদিম’গৰাকীয়ে সতীর্থসহ পহিলা মাঘৰ দিনা মাধৱ মন্দিৰলৈ গৈ মন্দিৰব ‘দলৈ’ক লগ ধৰি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সদৌটি ৰাইজৰ কুশল-মংগল কামনাৰে দোৱা প্রার্থনা কৰিছিল।

মন্দিৰৰ ‘দলৈ’জনেও, বিহুৰ পিঠা-পনাৰে ‘খাদিম’ আৰু তেওঁৰ সতীর্থসকলক আপ্যায়ন কৰাৰ পাছত কুশল বার্তা লৈ মন্দিৰ দর্শন কৰাইছিল। হিন্দু- মুছলমানৰ সেই অপূর্ব সম্প্রীতি সমন্বয়ৰ আদর্শকে চিৰযুগমীয়া কৰি ৰখাৰ প্রয়াস হিচাপে হাজোত ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা পৰম্পৰাগতভাবে অনুষ্ঠিত হৈ আহিছে উৰুছ মেলা’ আৰু মাঘী মেলা তথ্য মণিকূট উৎসৱ’। কালক্ৰমত সেই অপূর্ব আদর্শ বিশ্বৰ বুকুত বহুল প্রচাৰৰ বাবে সদৌ অসম ছাত্র সন্থাৰ উদ্যোগত হৈ আহিছে ঐতিহাসিক মণিকূট উৎসৱ আৰু দৰে এইবেলিও হাজো ‘আছু’ৰ উদ্যোগত অহা সমন্বয় শোভাযাত্রা।

তদুপলক্ষে অইন বছবৰ হাজোত মণিকূট উৎসর আৰু সমন্বয় ১৬ জানুৱাৰীত পহিলা মাঘৰ দিনা তীর্থনগৰী শোভাযাত্রা অনুষ্ঠিত কৰাৰ বাবে চলিছে ব্যাপক প্রস্তুতি

কার্যসূচী অনুসৰি, সিদিনা পুৱা ন বজাত সদৌ অসম ছাত্র সন্থাৰ পতাকা উত্তোলন আৰু ছহিদ তর্পণ কৰিব ক্রমে হাজো আছুৰ সভাপতি প্রাণজিৎ দেউৰীয়া আৰু সাধাৰণ সম্পাদক আতিকুৰ ৰহমানে।

ইয়াৰ পাছতে পুরা ১০ বজাত মণিকূট উৎসৱ উপলক্ষে উলিওৱা হ’ব পোৱামকা দর্গাহৰ নামনিব পৰা মাধব মন্দিৰলৈ এক বর্ণিল সমন্বয় শোভাযাত্রা। এই শোভাযাত্রা উদ্বোধন কৰিব পোৱামক্ক দর্গাহৰ ‘খাদিম’ চৈয়দ তৌফিক হুছেইন আৰু পঞ্চতীৰ্থ পৰিচালনা সমিতিৰ ‘দলে’ শিৱ প্রসাদ শর্মাই।

ইফালে জাতি-ধর্ম-ভাষা বর্ণ নির্বিশেষে তীর্থনগৰী হাজোৰ বৃহত্তৰ অঞ্চলৰ ৰাইজ, চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্র ছাত্রী, শিক্ষক-শিক্ষয়িত্রী, দল-সংগঠন, সাংস্কৃতিক গোষ্ঠী-অনুষ্ঠান, উত্তৰ-পূর্বাঞ্চলৰ বাবেৰহণীয়া ভালেমান সাংস্কৃতিক গোষ্ঠীৰ লগতে সমন্বয় শোভাযাত্রাৰ অন্যতম আকর্ষণ ক্রমে মানস ৰবীন, নয়ন নিলীম, নেকিব, অভিনেত্রী শ্যামন্তিকা’ শর্মা, দীপান্বিতা ডেকাৰ লগতে নেছৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচার্য, সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শর্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, সত্ৰাধিকাৰ ৰাজীব লোচন সন্ত, অসম সাহিত্য সভাৰ প্রধান সম্পাদক ড:উপেন্দ্রজিৎ শৰ্মা,আৰক্ষী মহাপৰিদৰ্শক অৰবিন্দ কলিতা, কামৰূপ গ্ৰাম্য জিলাৰ আয়ুক্ত কীর্তি জল্লী, কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্র ৰয়, হাজোৰ চক্র বিষয়া আফ্ৰিন হুছেইন, হাজো সুৰেন দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড’ হিৰন্য কুমাৰ শৰ্মা, সমাজ কর্মী ‘বন্যার্ত বন্ধু’ বনমালী শর্মা, ‘আছু নেতা ক্রমে ভৱজ্যোতি ডেকা, পংকজ কলিতা, ইমদাদুল ৰহমান, নবজ্যোতি দাস, চৈয়দ তৌফিকুৰ ৰহমান, আমন্ত্রিত অতিথি আছু নেতা ক্রমে তপন দাস আৰু জানিউৰ ৰহমান।

শোভাযাত্রাৰ অন্তত দুপৰীয়া ১২ বজাত মাধৱ মন্দিৰৰ দোমোঠাৰগুৰি প্রাংগণত হাজো আছুৰ সভাপতি প্রাণজিৎ দেউৰীয়াৰ পৌৰোহিত্যত অনুষ্ঠিতব্য মুকলি সভা উদ্বোধন কৰিব মণিকূট আৰু সমন্বয় শোভাযাত্রা উদ্যাপন সমিতিৰ সভাপতি প্রকাশ চন্দ্র দাসে। মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্রাৰ বর্ণিল কার্যসূচীত সদৌটি ৰাইজৰ সহযোগিতা কামনা কৰিছে উদ্যোক্তা সংগঠন ‘আছু’ৱে ৷

Exit mobile version