Cm Announced Assam Highest Civilian Awards 2023:ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰাপকৰ নাম ঘোষণা

ঘোষণা হ'ল অসম গৌৰৱ, অসম সৌৰভ বঁটা প্ৰাপকৰ নাম, প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ অসম বৈভৱ বঁটা, ধিং এক্সপ্ৰেছ হিমা দাসলৈ 'অসম সৌৰভ' সন্মান, সংবাদমেলত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে বঁটা প্ৰাপকৰ নাম

cm

Cm Announced Assam Highest Civilian Awards 2023:

ঘোষণা হ’ল অসম গৌৰৱ, অসম সৌৰভ বঁটা প্ৰাপকৰ নাম ৷ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰাপকৰ নাম আনুষ্ঠানিকভাৱে আজি জনতা ভৱনত অনুষ্ঠিত হোৱা এক সংবাদমেলত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা ‘অসম বৈভৱ’ আগবঢ়োৱা হয় দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ

একেদৰে ধিং এক্সপ্ৰেছ হিমা দাস,সাঁতোৰবিদ এলভিছ আলী হাজৰিকা আৰু নাদিৰাম দেউৰীলৈ আগবঢ়োৱা হয় ‘অসম সৌৰভ’ সন্মান।

আনহাতে অসম গৌৰৱ’ আগবঢ়োৱা হয় প্ৰথিতযশা ঢুলীয়া ৰনজিৎ গগৈ,হাতী বিশেষজ্ঞ পাবৰ্তী বৰুৱা,শব্দযন্ত্ৰী দেৱজিৎ চাংমাই,ওজাপালিৰ বাবে দাৰেন্য ভূঞা,জৈৱিক কৃষিকৰ্মৰ বাবে নীলম দত্তথলুৱা উদ্যোগপতি অনুপম ডেকা,প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্ত,চিয়াং ফুকন(কাঠফুলাৰ কৃষিকৰ্ম),মহেন্দ্ৰ ডেকা(কাৰুশিল্প),মিনাক্ষী চেতীয়া( আশাকৰ্মী),পখিলা লেখাম্পী(লোকশিল্প),টেনজিৎ বডোছা( প্ৰকৃতিবিদ),নিৰ্মল দে(উদ্যোগী),জেবিন কুমবেং পাও(হস্তশিল্প) ,মেৰি হাছা,(সমাজকৰ্মী),উপেন্দ্ৰ ৰাভা,( ক’লা চাউল প্ৰস্তুতকৰ্তা),ৰাহুল গুপ্তা(জৈৱিক উদ্যান)৷

মুখ্যমন্ত্ৰীয় সংবাদমেলত সদৰি কৰা মতে,ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা সমূহ প্ৰদান কৰা হ’ব ১০ ফেব্ৰুৱাৰীত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত ৷ আনহাতে বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

Exit mobile version