Manikut Utsav In Hajo:সমন্বয়ৰ বাৰ্তাৰে হাজোত আছুৰ উদ্যোগত মণিকূট উৎসৱ ও সমন্বয় শোভাযাত্ৰা

তীৰ্থনগৰীত বিৰাজ কৰিছে উদুলি-মুদুলি পৰিৱেশ

hajo

Manikut Utsav In Hajo:

১৯৯২ৰ পৰা হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰি সমন্বয়ৰ বাৰ্তা কঢ়িয়াই অনা মণিকূট উৎসৱ ও সমন্বয় শোভাযাত্ৰাই আজি ৩২ টা বৰ্ষত ভৰি দিলে ৷

তীৰ্থনগৰীত মণিকূট উৎসৱ ও সমন্বয় শোভাযাত্ৰা উপলক্ষে পুৱাৰে পৰা উদুলি-মুদুলি পৰিৱেশ ৷
লোকে লোকৰণ্য হৈ পৰিল হাজোৰ ৰাজপথ। জাতি ধৰ্ম বৰ্ণ নিৰ্বেশেষে অংশগ্ৰহণ কৰিছে আছুৰ এই সমন্বয় কাৰ্যসূচীত।

আছুৰ বৃহৎ শোভাযাত্ৰা পোৱামক্কা দৰগাহৰ প্ৰৱেশ দ্বাৰৰ পৰা শুভাৰাম্ভ কৰে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দলৈ আৰু পোৱামক্কা দৰগাহৰ খাদিমে ৷ দুয়োয়ে পৰম্পৰাগত ভাৱে পতাকা আদান – প্ৰদান কৰাৰ পাছতে আৰম্ভ হয় বাৰেৰহণীয়া শোভাযাত্ৰা৷ য’ত অংশ লয় বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দল ৷

পথৰ দয়োকাষে ৰৈ থকা পথচাৰীয়ে বিপুলভাৱে আদৰণি জনায় শোভাযাত্ৰাৰ অংশকাৰী সকলক ৷

Exit mobile version