Traditional Buffalo Fighting In Ahatguri:পৰম্পৰাগতভাৱে ৯ বছৰৰ মূৰত আঁহতগুৰিত আজি অনুষ্ঠিত হ’ল ম’হ যুঁজ

bafellow main

Traditional Buffalo Fighting In Ahatguri:

চৰকাৰে নিদিষ্ট কৰি দিয়া নীতি নিয়ম মানি আজি ৯ বছৰৰ মূৰত ঐতিহ্যমণ্ডিত আঁহতগুৰিৰ লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হ’ল ম’হ যুঁজ। ৰজাদিনীয়া পৰম্পৰাগত ভাৱে অনুষ্ঠিত হোৱা ম’হযুঁজ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

উদ্বোধন কৰি দিয়া ভাষণত কয় যে, ৯ বছৰৰ অপেক্ষাৰ অন্তত পুনৰ অসমৰ ৰাইজে ভোগালী বিহুত ‘বুলবুলি যুঁজ’, ‘ম’হ যুঁজ’ৰ দৰে প্ৰাচীন পৰম্পৰা পালন কৰিলে।
আমাৰ চৰকাৰৰ প্ৰয়াস হৈছে অসমৰ চহকী পৰম্পৰা আৰু সংস্কৃতিক সুৰক্ষিত কৰা, যাতে আমাৰ ভৱিষ্যৎ প্ৰজন্মই শিপাৰ সৈতে সংযুক্ত হৈ থাকে। আজি আঁহতগুৰিৰ ঐতিহ্যমণ্ডিত এই ম’হযুঁজ পুনৰ আগৰ দৰে অসমৰ ৰাইজৰ বাবে হিয়াৰ আমঠু হৈ উঠক ৷ মই এইয়া অন্তকৰণেৰে কামনা কৰো ৷ লোকবিশ্বাস আৰু পৰম্পৰাক শ্ৰদ্ধা জনাই আমাৰ চৰকাৰে সুদীৰ্ঘ ৯ বছৰৰ মূৰত আঁহতগুৰিত ম’হ যুঁজ পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

এই যুঁজ অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে কেইটিমান বিশেষ নিৰ্দেশনা জাৰি কৰিছিল। প্ৰাণীবিধৰ সুৰক্ষা আৰু প্ৰাচীন পৰম্পৰা ৰক্ষাৰ মাজত এক সন্তুলন ৰখাৰ উদ্দেশ্যে এই ব্যৱস্থা হাতত লোৱা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷।

এই উপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰীখাৰ উদ্দেশ্যে এই ব্যৱস্থা হাতত লোৱা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ সহধৰ্মিনী ৰিনিকি ভূঞা শৰ্মা,স্থানীয় জাগীৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকা,মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব ,সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা,ৰহাৰ বিধায়ক শশীকান্ত দাস ৷

উল্লেখ্য যে, ম’হ যুঁজৰ পৰম্পৰাক ধৰি ৰাখিব পাৰি বৃহত্তৰ আঁহতগুৰি অঞ্চলৰ ৰাইজৰ মাজত বিশেষ উৎসাহ পৰিলক্ষিত হয় ।

মনকৰিবলগীয়া যে, ২০১৪ চনত উচ্চতম ন্যায়ালয়ে তামিলনাডুৰ জালিকাট্টু বন্ধ কৰিছিল। একেদৰে বন্ধ কৰি দিয়া হৈছিল অসমৰ ম’হযুঁজ ৷ কিন্ত ২০২৩ ৰ মে’ত সৰ্বোচ্চ ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে জালিকাট্টু সহ আন জন্তুকলৈ হোৱা খেলতসেউজ সংকেত দিয়ে ৷

ইয়াৰ পাছতে ইতিপূৰ্বে বন্ধ হৈ থকা আঁহতগুৰিৰ ম’হ যুঁজ কেতবোৰ নীতি নিয়ম অনুসৰি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনুমোদন জনায় ৰাজ্যিক কেবিনেটে

Exit mobile version