Maoists Try to Establish Corridor With China:অসমৰ মাজেদি নেপাল হৈ চীনৰে কৰিড’ৰ স্থাপনৰ চেষ্টা মাওবাদীৰ !

নেপালৰ একে আদৰ্শৰ শক্তিৰ লগত যোগাযোগ 

moist

Maoists Try to Establish Corridor With China:

অসমৰ পৰা নেপাল হৈ চীনৰ লগত সংযোগ স্থাপনৰ ভাৰত বিৰোধী এক বৃহৎ ষড়যন্ত্রক কাৰ্যকৰী ৰূপ দিয়াৰ তৎপৰতা অব্যাহত ৰাখিছে নিষিদ্ধ সংগঠন চি পি আই (মাওবাদী)-য়ে।

যোৱা ১৫ জানুৱাৰীৰ বিয়লি মহানগৰীৰ বেতকুছিস্থিত আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা গ্রেপ্তাৰ হোৱা সংগঠনটোৰ ম’ষ্ট বাপ্টেড নেতা আদিৰুদ্দিন আহমেদ ওৰফে সুনীল ওৰফে সূৰ্যৰ পৰা উদ্ধাৰ হৈছে এই তথ্য।

ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (এনআইএ)কে ধৰি কেবাটাও কেন্দ্রীয় নিৰাপত্তা সংস্থা আৰু অসম আৰক্ষীৰ বিশেষ দলে ধাৰাবাহিক জেৰা অব্যাহত ৰখা আমিৰুদ্দিন নিজেও এই বৃহৎ ঘটনাৰ অন্যতম অংশীদাৰ আছিল।

জেৰাত পোহৰলৈ আহিছে যে নেপালৰ একে আদৰ্শৰ শক্তিসমূহৰ লগত ভাৰতৰ মাওবাদীৰে যোগসূত্র ইতিমধ্যে গঢ়ি উঠিছে। অৱশ্যে চীনৰ মাওবাদী গোটৰ লগত এই যোগসূত্র এতিয়ালৈকে সম্ভৱ হৈ উঠা নাই বুলি সন্দেহ কৰা হৈছে। মাওবাদীৰ বিৰুদ্ধে অব্যাহত থকা ভাৰতৰ নিৰাপত্তা সংস্থাসমূহৰ কঠোৰ ভূমিকাৰ বাবেই সেয়া সম্ভৱ নোহোৱা বুলি সুত্ৰত প্রকাশ।

উল্লেখ্য যে আমিৰুদ্দিনে অসমত থাকিলে বেছিভাগ সময় বৰাকতে কটায়। অসমত সংগঠনৰ কে’বাজনো শীর্ষ নেতা গ্ৰেপ্তাৰ হোৱাৰ পাছত আত্মগোপনৰ নতুন নতুন কৌশলেৰে আমিৰুদ্দিনে নিজক লুকুৱাবলৈ সক্ষম হৈ আহিছিল। বৰাকৰ বিভিন্ন স্থানত বাহৰ পাতি তাৰ পৰাই নেপাল হৈ চীনৰ লগত এক কৰিড’ৰ নিৰ্মাণৰ কামত ব্যস্ত আছিল।

উল্লেখ্য যে ইয়াব পূর্বে মাওবাদী সন্ত্রাসবাদীয়ে অৰুণাচল প্রদেশ হৈ ম্যানমাৰৰ এক শক্তিশালী কৰিডৰ নির্মাণৰ তৎপৰতা চলাইছিল। সেই পৰিকল্পনাৰ সাহতে কিছু প্রস্ততি কৰি নেপাল হৈ চীনৰ লগত কৰিড’ৰ নির্মাণক অগ্রাধিকাৰ দিয়া হৈছে।

এই কৰিড’ৰ নির্মাণত অসিকান্দার সহযোগী হিচাপে আছে সংগঠনৰ আন কে’বাজনো নেতা আৰু সদস্য। সেইসকলৰ সন্ধানো নিৰাপত্তা সন্থা সমূহে অব্যাহত ৰাখিছে ৷ ইপিনে, নিজে গ্রেপ্তাৰ হোবাব পাছত অসমত আক মাওবাদী নাই বুলি যি তথ্য আমিৰুদ্দিনে স্বীকাৰোক্তি কৰিছিল সেয়া বিভান্তি সৃষ্টি কৰিবলৈহে কোৱা হৈছে বুলি সুত্রত প্রকাশ।

Exit mobile version