Rahul bharat Jodo nyay Yatra:অসমত প্ৰৱেশ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ

যোৰহাটত প্ৰশাসনৰ বাধা ওফৰাই আগবাঢ়িল, গড়আলিৰে প্ৰশাসনত হাহাকাৰ, গোচৰ ৰুজুৰ প্ৰস্তুতি একাধিক সমাৱেশত ভাষণ' নিমাতীঘাটৰ পৰা মাজুলীলৈ ৰাহুল,সত্ৰত কণমানি ভাওনাৰ আখৰা দেখি অভিভূত

rahul auniati

Rahul bharat Jodo nyay Yatra:

মণিপুৰ আৰু নগালেণ্ডত যাত্রা সামৰি অসমত প্ৰৱেশ কৰিয়ে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত দেশবাসীয়ে সন্মুখীন হোৱা বিভিন্ন ক্ষেত্ৰৰ অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ সন্ধান দিবলৈ আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অংশৰূপে যোৱাকালি পুৱা হালোৱাটিং হৈ অসমত প্ৰৱেশ কৰি শিৱসাগৰ আৰু যোৰহাটত লাভ কৰে বিভিন্ন স্তৰৰ জনতাৰ ব্যাপক সঁহাৰি।

স্বাভাৱিকতে অসমত প্ৰৱেশ কৰিয়ে ৰাজ্যখনত শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্রমণাত্মক হৈ উঠে কংগ্রেছ নেতাজন। যোৰহাটত নেহক পাৰ্কত যাত্ৰাৰ সময়তে সমবেত ৰাইজক উদ্দেশি কংগ্রেছ নেতাজনে আজি তীক্ষ্ণ সমালোচনা কৰে ৰাজ্যৰ বিজেপি চৰকাৰখনক।

ইফালে, যোৰহাট চহৰত আজি অনুমতি বিচৰা পথত প্রশাসনে যাত্রা অগ্ৰসৰ হোৱাত অনুমতি দিয়াব পৰা বিৰত থকাৰ পাছত ন্যায় যাত্ৰাৰ বৃহৎ সমদলে প্রশাসনৰ বাধা নেওচি মৰিয়নিৰ পৰা গড়আলি হৈ এ টি ৰোডেৰে অগ্রসৰ হয়। প্রশাসনৰ অনুমতি অবিহনে এনেদৰে যাত্রা অগ্ৰসৰ হোৱাত অস্বস্তিত পৰিছে যোৰহাট জিলা প্রশাসন।

উল্লেখ্য যে যোৰহাটত প্রৱেশৰ পাছতে নেহৰু পাৰ্কৰ যজ্ঞ মন্দিৰৰ সমীপত ডেৰ সহস্রাধিক দলীয় সমর্থকক উদ্দেশি ‘দিয়া ভাষণত বাহুল গান্ধীয়ে অসমৰ বাইজৰ সমস্যাসমূহ দেশবাসীক অবগত কৰিব বুলি মন্তব্য কৰি কয়, ‘অসমকে ধৰি দেশৰ সকলোতে ভীষণ অন্যায় হৈ আছে, সেয়ে কংগ্রেছে ন্যায় যাত্রা আবন্ত কৰিছে। দেশত আজি ৰাজহুৱা খণ্ডৰ উদ্যোগ ধ্বংস হৈ গৈছে।

ইয়াৰ বাবে সর্বাধিক ক্ষতিৰ সম্মুখীন হৈছে দেশৰ যুৱক-যুৱতীসকল। দেশ ধ্বংসব দিশেৰে গতি কৰিছে। ।দেশক উদ্ধাৰ কৰিব পাৰিব একমাত্র কংগ্ৰেছেহে। কংগ্রেছ শাসনলৈ আহিলে ধ্বংস হোৱা উদ্যোগ খণ্ডৰ পুনৰুদ্ধাৰ কৰিব। নিবনুবা যুৱক-যুৱতীক কর্ম সংস্থাপন প্রদান কৰা হ’ব।’

লক্ষ্যণীয় যে ভাষণ প্রসংগতে কংগ্রেছ নেতাজনে আজি আক্রমণাত্মক হৈ পৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। ড° শর্মাক দুর্নীতিগ্রস্ত মুখ্যমন্ত্রী বুলি অভিহিত কৰি কংগ্রেছৰ যুৱৰাজজনে কয়, ‘অসমৰ মুখ্যমন্ত্রীজন এতিয়া দেশৰ ভিতৰতে সর্বাধিক দুর্নীতিগ্রস্ত মুখ্যমন্ত্রী। কেবল তেওঁৱে নহয়, তেওঁৰ সমস্ত পৰিয়াল, ল’ৰা-ছোৱালী, পত্নীও কোনোবা নহয় কোনোবা কেলেংকাৰিত জড়িত হৈ আছে। তেওঁলোকে টকাৰে অসমৰ মানুহক ক্রয় কৰিব পাৰিব বুলি ভাবিছে। সেয়া সন্তব নহয়, অসমৰ মানুহ তেওঁলোকৰ ওচৰত বিক্ৰী যোৱা মানুহ নহয়।’ প্ৰশাসনৰ বাধা ওফৰাই গড়আলিৰে আগবাঢ়িল ৰাহুল গান্ধীৰ ন্যায় যাত্রা ৷

প্রশাসনৰ বাধা ওফৰাই মৰিয়নিৰ পৰা নিমাতী অভিমুখে যাত্রা কৰা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্রাই যোৰহাট নগৰ অতিক্রম কৰে। বিয়লি প্রায় ৪-৩০ বজাত যোৰহাট নগৰত উপস্থিত হোৱা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্রাক জিলা প্রশাসনে নির্ধাৰিত কৰি দিয়া কে বি ৰোডৰ পৰিবর্তে গড়আলিৰে গতি কৰে। পূর্ব নির্ধাৰিত পথ পৰিহাৰ কবি ব্যস্ত গড়আলিৰে ৰাহুল গান্ধীৰ বৃহৎ সংখ্যক গাড়ীৰে পৰিবেষ্টিত কনভয় আগবঢ়াত হাহাকাৰ লাগে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ মাজত।

উল্লেখ্য যে সমদলৰ বাবে কংগ্ৰেছে গড়আলি হৈ এ টি ৰোড বিচাৰিছিল যদিও যান-জঁটৰ অজুহাত দেখুৱাই যি -প্রশাসনে অনুমতি দিয়া নাছিল। এই লৈ কংগ্রেছৰ তৰফৰ পৰা প্রতিক্রিয়া প্রকাশ কৰি জিলা প্রশাসনৰ ভূমিকাক সমালোচনা কৰিছিল, কিন্তু কোনেও ভবা নাছিল যে ন্যায়ৰ হকে যাত্রা আৰম্ভ কৰা ৰাহুল গান্ধীৰ সমদলে পূর্ব নির্ধাৰিত পথ পৰিহাৰ কৰিব আৰু গড়আলি হৈ যাত্রা কৰিব।

হঠাতে শতাধিক বাহন আৰু সহস্রাধিক সমর্থকক লৈ মৰিয়নিৰ পৰা গড়আলিবে যোৰহাট নগৰত সোমোৱা সমদল পিডব্লিউডি পইন্টৰ পৰা কে বি ৰোডেৰে নগৈ পোনে পোনে আগবাঢ়ে। ফলত সন্ধিয়া সময়ত সাধাৰণতে ভিৰঘটা গড়আলিত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয়।

বৃহৎ সংখ্যক গাড়ীৰে গঠিত যাত্ৰাৰ গতিও সামান্য স্থবিৰ হৈ পৰে যদিও এটা সময়ত তীব্র যান-জঁট নেওচি এ টি ৰোড হৈ বৰুৱা চাৰিআলিত উপস্থিত হয়। এই যাত্ৰাত ভিৰৰ ফলত ঠেলা হেঁচাত কে’বাজনো লোক সামান্যভাবে আঘাতপ্রাপ্ত হৈছে। দুই-এখন বাহনো ক্ষতিগ্রস্ত হোৱা বুলিও সূত্রই জনাইছে। অৱশ্যে আৰক্ষীৰ হাতত এই পর্যন্ত তেনে কোনো খবৰ নাই বুলি ‘দৈনিক অগ্রদূত’ক জনাইছে।

ইপিনে ,আজি পুৱাভাগত ফেৰিৰে মাজুলীত উপস্থিত হৈ ৰাহুল গান্ধীয়ে নদীদ্বীপৰ সত্ৰ সংস্কৃতি দেখি অভিভূত হয় ৷ কংগ্ৰেছ নেতা গৰাকী এপিচিচিৰ সভাপতি ভূপেন বৰাৰ স’তে আউনীআটী সত্ৰত উপস্থিত হৈ সত্ৰাধিকাৰ ড:পীতাম্বৰ দেৱ গোস্বামীক সাক্ষাৎ কৰি তেওঁৰ স’তে মতবিনিময় কৰে ৷ সত্ৰাধিকাৰ গৰাকীয়ে নেতা গৰাকীক পৰম্পৰাগত ভাৱে সত্ৰৰ কিছু সামগ্ৰী প্ৰদান কৰে ৷

উল্লেখ্য যে,সত্ৰতে তিনিবছৰীয়া কণমানি দেৱাশীষ চুতীয়াৰ ভাওনা আখৰা দেখি আপ্লুত হয় ৰাহুল গান্ধী ৷ কণমানিটিক কোলাত বহুৱাই তেওঁৰ স’তে কিছু সময় কটাই ৷

 

Exit mobile version