Ulfa Has Officially Disbanded in Sipajhar:ছিপাঝাৰত আনুষ্ঠানিক ভাৱে ভংগ হ‘ল আলফা

৪৪ বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ অৱসান, চলিত মাহতে চৰকাৰৰ হাতত জমা দিব অস্ত্ৰ- শস্ত্ৰ, আলফা ভংগৰ পাছতে গঠন হ'ল অসম জাতীয় বিকাশ মঞ্চ, অজাবিমৰ মুখ্য আহ্বায়কৰ পদত অনুপ চেতীয়া

ulfa foto

Ulfa Has Officially Disbanded in Sipajhar:

এক আবেগিক পৰিবেশত আনুষ্ঠানিকভাৱে ভংগ হ’ল আলফা ৷ ৪৪ বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ অৱসান ঘটাই ছিপাঝাৰৰ অসম নৱ নিৰ্মাণ কেন্দ্ৰত অনুষ্ঠিত আলফাৰ অন্তিমখন সাধাৰণ সভাৰ বৈঠকত ভংগ কৰা হয় সংগঠনটো ৷

অন্তিম বৈঠকত ক্ৰন্দনৰত হৈ আলফাৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ চেতিয়াই ভাষণত কয়, আমি এক ঐতিহাসিক ক্ষণত নিজে জন্ম দিয়া সংগঠনটি আজি ভংগ কৰিবলৈ ওলাইছো। এইয়া আমাৰ বাবে বেদনাদায়ক ৷ তৎস্বত্বেও পৰিস্থিতি আৰু সময়ৰ তাগিদাত ভংগ কৰিবলৈ বাধ্য হ’লো ৷

চেতিয়াই আৰু কয়,এতিয়াৰ পৰা আলফা সংগঠন হিচাপে নাথাকিব। অহা ২৯ ডিচেম্বৰত চৰকাৰৰ সৈতে হৈছিল আলফা-চৰকাৰৰ চুক্তি স্বাক্ষৰ। সেই অনুসৰি চলিত মাহতে অস্ত্ৰ- শস্ত্ৰ চৰকাৰৰ হাতত জমা দিব ৷

উল্লেখ্য যে,পুৱাৰে পৰা আৰম্ভ হোৱা দিনজোৰা কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰে সভাপতি অৰবিন্দ ৰাজখোৱাই ৷ ছহিদ তৰ্পণ কৰে অনুপ চেতিয়াই ৷ ইয়াৰ পাছতে আৰম্ভ হয় আলফাৰ শেষৰ খন সাধাৰণ বৈঠক ৷

মনকৰিবলগীয়া যে, আলফা আনুষ্ঠানিকভাৱে ভংগৰ পিছতেই গঠন কৰা হয় ‘অসম জাতীয় বিকাশ মঞ্চ ৷ মঞ্চৰ মুখ্য আহ্বায়ক হিচাপে দায়িত্ব লাভ কৰে অনুপ চেতীয়াই ৷

Exit mobile version