Himanta Biswa Sarma Pressmeet In Janata Bhawan : পুনৰ অসমলৈ আহিব লাগিব ৰাহুল গান্ধী

শংকৰদেৱৰ প্ৰতি ইমানেই ভক্তি আছিল,তেন্তে কিয় দুঘণ্টা অপেক্ষা কৰিব নোৱাৰিলে ৰাহুল গান্ধীয়ে !

hbs 1

Himanta Biswa Sarma Pressmeet In Janata Bhawan :

ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মূল উদ্দেশ্য আছিল অসমত অশান্তিৰ সৃষ্টি কৰা; কিন্তু আমি সেয়া বিফল কৰিলো। মহানগৰীৰ খানাপাৰাত আৰক্ষীৰ বেৰিকেড ভাঙিবলৈ ৰাহুল গান্ধীয়ে প্ৰৰোচনাৰ পৰাই এই কথাই স্পষ্ট হয় যে হয়তো গুৱাহাটীত উক্তদিনা বহুত ডাঙৰ ঘটনা সংঘটিত হ’লহেঁতেন।’ কংগ্রেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত গুৱাহাটীত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ সন্দৰ্ভত আজি এইদৰে প্ৰতিক্রিয়া প্রকাশ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই

তেওঁ লগতে মন্তব্য আচলতে ৰাহুল গান্ধীয়ে অসমক ভালেই নাপায়৷ৰাহুল গান্ধী যোৱা চাৰিদিনত যি যাত্ৰা কৰিলে ৷ সেইয়া অসমৰ ৰাইজে দেখিলে ৷ কাৰ্য:ত তেওঁৰ প্ৰকৃত উদ্দেশ্য কি আছিল । আনহাতে ৰাহুল গান্ধী অসমলৈ আহিব ৷ নাহিলে মই মাতিম ৷ আজি জনতা ভৱনৰ লোকসেৱা ভৱনত অনুষ্ঠিত এক সংবাদমেলত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক তীব্ৰ কৰি আৰু কয়, ৰাহুল গান্ধীয়ে বিভিন্ন প্ৰচাৰ মাধ্যমৰ আগত এনে এক ধাৰণা দিব বিচাৰিছে যে তেওঁক বটদ্ৰৱা থানলৈ যাব নিদিলে ৷

কিন্ত সেইদিনা যিহেতুকে অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত ৰজিতা খুৱাই বটদ্ৰৱা থানত নাম প্ৰসংগ হৈছিল ৷য’ত কে’বা সহস্ৰাধিক ভক্ত অংশ লৈছিল । ভক্ত এনে ভীৰৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক দুঘণ্টাৰ পাছত থানত প্ৰৱেশ কৰিবলৈ কোৱা কৈছিল ৷ কিন্ত গান্ধীয়ে এক নাটক সৃষ্টি কৰিলে যে তেওঁক থানলৈ যোৱাত বাধাৰোপ কৰা হৈছে ৷ কিয় দুঘণ্টা অপেক্ষা নকৰিলে ৰাহুল গান্ধীয়ে ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে আৰ কয়, উজনিত তেওঁৰ ভাৰত জোড়ো ন্যায় যাত্ৰাকালত কিয় লাচিত মৈদাম দৰ্শন নকৰিলে ৷অথচ তেওঁৰ য’ত আছিল তাৰ পৰা মৈদামৰ দূৰত্ব মাত্ৰ মাত্ৰ ২০০ মিটাৰ ।

একেদৰে গুৱাহাটীলৈ আহি কিয় মা কামাখ্যা মন্দিৰ দৰ্শন নকৰিলে৷কোনেওটো তেওঁক বাধা দিয়া নাছিল ৷ আনকি ৰাহুল গান্ধীয়ে ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ বা হাজোৰ হয়গ্ৰীৱ মন্দিৰ আৰু পোৱামক্কালৈও এবাৰ নগ’ল। তদুপৰি তেওঁ নগ’ল বৰপেটা সত্ৰ ,ধুবুৰী গুৰুদ্বাৰ ৷ এনেক্ষেত্ৰত তেওঁৰ আচল উদ্দেশ্য কি আছিল ৷

মুখ্যমন্ত্ৰী আৰু কয় যে,ৰামলালৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত ৰাহুল গান্ধীয়ে তথাকথিত ভাৰত জোড়া ন্যায় যাত্ৰাৰে অসমত এক বেলেগ ধাৰণা দিব বিচাৰিছিল ৷ আগন্তুক লোকসভা নিৰ্বাচনত উত্তৰ- পূৰ্ব ২৫ খন আসনতে ৰাইজে উচিত প্ৰত্যুত্তৰ দিব ৷ অসমতো এইবাৰ কংগ্ৰেছে পূৰ্বতকৈ কম আসন পাব ৷ বিজেপিয়ে উজনিৰ পৰা নামনি.মধ্যৰ পৰা কাৰ্বি পাহাৰ আৰু বৰাকৰ সংসদীয় আসন বোৰত বিজেপিৰ প্ৰাৰ্থীয়ে বিপুল ভোটত জয়লাভ কৰিব ৷

মুখ্যমন্ত্ৰীয়ে গৰাকীয়ে আৰু কয়, মহানগৰীৰ খানাপাৰাত যিসকল লোক সেইদিনা ৰাহুল গান্ধীক চাবলৈ আহিছিল তেওঁলোক বকো,চমৰিয়া ,ছয়গাঁৱৰ এটা বিশেষ সম্প্ৰদায়ৰ লোক৷ ৰাহুল গান্ধীক তেওঁলোকে চাবলৈ আহক। তাত মোৰ ক’বলগীয়া নাই ৷কিন্ত ৰামমন্দিৰ প্ৰাণ প্ৰতিষ্ঠা দিনটোক খানাপাৰাত এনে এক নাটক সৃষ্টি কৰিলে বুলি কৈ ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ কৰে । আনহাতে খানাপাৰাত আৰক্ষীৰে হতাহতি কৰা সমস্যা ঘটনাৱলী তদন্ত কৰিবৰ বাবে দায়িত্ব দিয়া হৈছে এছ আই টিক ৷ ৰাহুল গান্ধীক নিৰ্বাচনৰ পাছত অসমলৈ মাতিম ৷তেওঁ আহিব লাগিব ৷

আন এক প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, অসমত মুছলমান লোক আছে ৪০ শতাংশ ৷ ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা ৬০ শতাংশ মুছলমান লোক থকা অঞ্চলত ৰাহুল গান্ধীয়ে কৰিছিল যাত্ৰা ৷

Exit mobile version