One Thousand Houses Will Have to be Demolished in Joshimath:যোশীমঠত ভাঙিব লাগিব এহেজাৰ ঘৰ

৩৫ শতাংশ ঘৰেই ভয়াৱহ বিপদৰ গৰাহত, তথাপি গৃহ ত্যাগত অনীহা

jogimoth

One Thousand Houses Will Have to be Demolished in Joshimath:

এবছৰ পূৰ্বে দেৱভূমিৰ দুৱাৰ খ্যাত আমি উত্তৰাখণ্ডৰ যোশীমঠত ভূমি বিপৰ্যয় ঘটিছিল ৷বৃহৎ ফাট মেলিছিল চহৰৰ অঞ্চলে অঞ্চলে। তাৰ পাছতে ভূতত্ত্ববিদসকলে ঘোষণা কৰিছিল যে যোশীমঠৰ বৃহৎ অঞ্চল ডুব যাবলৈ ধৰিছে।

ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে এই ডুবিবলৈ ধৰা চহৰখনক বচাবলৈ চলোৱা চেষ্টাৰ অংশৰূপে ঘৰবোৰ ভাঙিব লাগিব। সেই কার্যও অনতিপলমে সম্পন্ন কৰিব লাগিব। এই ঘৰবোৰৰ অধিকাংশই সাধাৰণ মানুহৰ বসতিস্থল। চৰকাৰৰ পৰা গৃহ ত্যাগৰ ‘জাননী পোৱাৰ পাছতো ঘৰৰ মায়া-মোহ ত্যাগ কৰিব পৰা নাই বাসিন্দাসকলে।

বিগত বৰ্ষৰ জানুৱাৰী মাহত ভয়াৱহ বিপর্যয় ঘটিছিল অঞ্চলটোত। এই পৰিস্থিতিত চলোৱা প্ৰচেষ্টাৰ অংশৰূপে প্ৰকাশ পোৱা প্ৰতিবেদনত উল্লেখ কৰা হৈছে কোন কোন অঞ্চল বসতিমুক্ত কৰিলে ডুবন্ত চহৰখনক ৰখাব পৰা যাব। এই প্রতিবেদন মর্মে যোশীমঠৰ ৩৫ শতাংশ অঞ্চল অতি বিপদাপন্ন।

ইয়াৰে ভিতৰত চাৰিটা পৌৰসভাৰ অঞ্চল অবিলম্বে খালী কৰিব লাগে। ইয়াত অসংখ্য বাসভৱনৰ উপৰি বাণিজ্যিক ভৱন, দোকান, হোটেল, হোম ষ্ট্রে আদিকে ধৰি এহেজাৰটা ঘৰ আছে। এই ঘৰবোৰ ভাঙি ধ্বংসস্তূপ আন ঠাইলৈ লৈ যাব লাগিব বুলি প্রতিবেদনত কোৱা হৈছিল।

প্রতিবেদন দাখিলৰ সাত মাহৰ পাছতো উত্তৰাখণ্ড চৰকাৰে ঘৰবোৰ ভঙাৰ কাম আৰম্ভ কৰিব পৰা নাই। চৰকাৰী বাসিন্দাসকলক ৯০ কিলোমিটাৰ নিলগৰ অস্থায়ী শিবিৰলৈ প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছিল যদিও সন্মত নহয় বাসিন্দাসকল। এখনৰ পাছত আনখন বৈঠক অনুষ্ঠিত কৰিও উত্তৰাখণ্ড চৰকাৰে কোনো ফল পোৱা নাই।

সাধাৰণ মানুহৰ মতে, তেওঁলোকক স্বগৃহৰ পৰা বহু দূৰলৈ যাবলৈ কোৱা হৈছে। ফলত তেওঁলোকৰ জীৱন ধাৰণ আৰু জীৱিকাত সমস্যাৰ সৃষ্টি হ’ব। যোশীমঠ হৈছে বদ্রীনাথ হেমকুণ্ডসহ দেৱভূমিৰ বহু পর্যটন ক্ষেত্ৰ বা টেকিং পথৰ প্ৰৱেশদ্বাৰ।

Exit mobile version