Ghagrapar:ঘগ্ৰাপাৰৰ-দতৰাৰ শিক্ষিত যুৱক পংকজ বুজৰবৰুৱাৰ ফাষ্টফুডৰ ব্যৱসায়ৰে স্বাৱলম্বীতাৰ এক নিৰ্দশন

খ‍্যাতি নিহাৰণ ফুড কোৰ্ট তে অঞ্চলটোৰ কুৰিগৰাকী শিক্ষিত যুৱক-যুৱতীক দিছে পেটৰ ভাত

gragrapar 2

Ghagrapar:

ৰাজ্যত চৰকাৰী চাকৰিমুখী শিক্ষিত নিৱনুৱাৰে ঠাহ খাই থকা সময়ত হাতে কামে কাম কৰি আত্মনিৰ্ভৰশীল হ’বলৈ আগবঢ়া এগৰাকী যুৱক । নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দতৰা গাঁৱৰ প্ৰয়াত শিক্ষক ৰাজেন্দ্ৰ নাথ বুজৰবৰুৱাৰ কনিষ্ঠ পুত্ৰ,ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ এগৰাকী স্বয়ং সেৱক পংকজ বুজৰবৰুৱাই আন দহ গৰাকী শিক্ষিত যুৱকৰ দৰে চৰকাৰী চাকৰি বিচাৰি অফিচ-কাছাৰী কিম্বা মন্ত্ৰী- বিধায়কৰ পিছে পিছে দৌৰি হাবাথুৰি খাব নিবিচাৰি এক ইতিবাচক চিন্তা-চৰ্চাৰে নলবাৰী মেডিকেল কলেজৰ সমীপত নাৰপাৰাত “খ‍্যাতি নিহাৰণ ফুড কোৰ্ট” নামৰ এখন ফাষ্টফুডৰ ব‍্যৱসায়ী প্ৰতিষ্ঠান খুলি স্বাৱলম্বিতা হোৱাৰ সপোন ৰচিছে।

যাৰ পাছত এই ব্যৱসায় মুকলি কৰি বিগতদিনত চলাই আছে এক সংগ্ৰামী জীৱন সংগ্ৰাম ৷ নিজৰ ব্যৱসায়ৰ পৰিসৰ বহল কৰিব বিচাৰি বিগত সময়ত কৃষি আৰু মীন পালনত পোৱা ধনেৰে উদ্যোগী যুৱক পংকজ বুজৰবৰুৱাই ব‍্যৱসায়ীখন দুটা স্থানত প্ৰতিষ্ঠা কৰি নিজে স্বাৱলম্বীতা হোৱাৰ উপৰিও অঞ্চলটোৰ আন কুৰিগৰাকী শিক্ষিত যুৱক-যুৱতীক পেটৰ ভাত দি আহিছে।

শেহতীয়া ভাৱে নলবাৰী মেডিকেল কলেজৰ ওচৰৰ খ‍্যাতি নিহাৰণ ফুড কোৰ্টৰ ফাষ্টফুডৰখনলৈ নিতৌ পুৱা-গধুলি যুৱক-যুৱতী অন্যান্য গ্ৰাহকে উন্নত মানৰ ফাষ্টফুডৰ আৰু ভিন্ন খাদ্য খাবলৈ দোকানখনলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে।বিগত দিন কেইবাগৰাকীও ৰাজনৈতিক নেতা, সাংসদ, বিধায়ক, গায়ক-গায়িকা, অভিনেতা আদিয়ে ‘খ‍্যাতি’ নিহাৰণ ফুড কোৰ্ট’ৰ ফাষ্টফুডৰ জুতি লৈছে।

এক লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি নিজৰ সংগ্ৰামী জীৱন পাতনি মেলা বুজৰবৰুৱাই বিচলিত নহৈ ব্যক্তিগত প্ৰচেষ্টাৰে এই ব‍্যৱসায়ীৰ সমান্তৰালভাৱে প্ৰতিবছৰে কৃষি কাৰ্য,মীন পালন,ডাইৰী ফাৰ্ম ইত্যাদিৰ ব্যৱসায়েৰে অৰ্থোপাৰ্জনৰ চেষ্টা অব্যাহত ৰাখিছে ৷

কিন্তু ইয়াৰ পুৰ্বে পংকজ বুজৰবৰুৱাই নিজৰ পৰিয়ালক পোহপাল দিয়াৰ বাবে পদুমকুৱৰী চ’ত জেনেৰেটাৰে ৰাইজক বিদ‍্যুৎ যোগানৰ ব‍্যৱসায়,অটো’ চালক হোৱাৰ উপৰিও ঘৰতে কংক্ৰিতৰ ব‍্যৱসায় কৰাৰ লগতে বহু সময়ত বিভিন্ন প্ৰত্যাহবানৰ মুখামুখি হৈয়ো সম্প্ৰতি ফাষ্টফুডৰ ব‍্যৱসায়ী কৰি থকা পংকজ বুজৰবৰুৱাই এতিয়াও বুকুত পুহি ৰাখিছে ব‍্যৱসায়ীখন উন্নত কৰাৰ এক সপোন ৷

সৰু পৰা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ পংকজ বুজৰবৰুৱাই উক্ত ব‍্যৱসায়ীৰে অঞ্চলটোৰ কুৰিগৰাকী যুৱক-যুৱতীক কিছু হলেও সকাহ দি আহিছে যদিও বুজৰবৰুৱাৰ ভৱিষ্যতলৈ পৰিকল্পনা অঞ্চলটোত এখন আটক ধুনীয়া ৰিজাৰ্ট স্থাপন কৰি আন কুৰিগৰাকী যুৱক-যুৱকীক সংস্থাপন দিয়া হেপাঁহ মন পুহি ৰাখিছে বুলি জানিব দিয়ে।

Exit mobile version