Apurba Bhattacharya, Pawan Shaikia and many others joined the AGP:অপূৰ্ব ভট্টাচাৰ্য্য, পৱন শইকীয়াসহ বহুজনৰ অগপত যোগদান

ajp join

Apurba Bhattacharya, Pawan Shaikia and many others joined the AGP:

আজি অসম গণ পৰিষদ দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক, জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্য, অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক পৱন শইকীয়া, তৃণমূল কংগ্ৰেছৰ নেতা মিহিৰ পাল কংগ্ৰেছৰ গোৱালপাৰা পূৱ সমষ্টিৰ মন্ডল সভাপতি মাতোৱাৰ আলীসহ দুই শতাধিক বিভিন্ন ৰাজনৈতিক দলৰ বিষয়ববীয়াই অসম গণ পৰিষদ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে।

এই উদ্দেশ্যে অনুষ্ঠিত এক সভাত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই যোগদানকাৰীসকলক আদৰণি জনাই কয় যে, অসম তথা অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ লগতে ৰাজ্যখনৰ উন্নয়ণ আৰু বিকাশ ত্বৰাণ্বিত কৰাৰ লক্ষ্যৰে অসম গণ পৰিষদ দলত সেৱাৰ মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনায়।

বৰাই কয় যে, কংগ্ৰেছ এতিয়া ৰাজ্যখনত অস্বিত্বহীন আৰু গুৰুত্বহীন এটি দল। মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনে উন্নয়ণ আৰু প্ৰগতিৰ নতুন যাত্ৰা আৰম্ভ কৰিচে। অহা লোকসভা নিৰ্বাচনত মিত্ৰজোটে সৰ্বাধিক আসন লাভ কৰিব বুলি উল্লেখ কৰি বৰাই লগতে কয় যে, জ্যেষ্ঠসকলৰ অভিজ্ঞতা আৰু নতুন প্ৰজন্মৰ উদ্যম হ’ব আগন্তুক সময়বোৰত অসম গণ পৰিষদ দলৰ শক্তিৰ আধাৰ।

দলে জাতীয় দায়বদ্ধতাৰে ৰাজ্যবাসীৰ স্বাৰ্থত কাম কৰি যাব বুলিও মতপোষণ কৰে। যোগদানকাৰী প্ৰাক্তন কংগ্ৰেছী নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই সততা আৰু নিষ্ঠাৰে অসম গণ পৰিষদ দলৰ হৈ সেৱা আগবঢ়াই যোৱাৰ অঙ্গীকাৰ প্ৰকাশ কৰে। জাতীয় পৰিষদৰ প্ৰাক্তন সম্পাদক পৱন শইকীয়াই অতুল বৰাৰ নেতৃত্বত অসম গণ পৰিষদ দলে নতুন মাত্ৰা লাভ কৰা বুলি উল্লেখ কৰি ভৱিষ্যতৰ দিনত দায়বদ্ধতাৰে কাম কৰাৰ কথা উল্লেখ কৰে।

যোগদানকাৰীসকলৰ ভিতৰত অসম জাতীয় পৰিষদৰ গোলঘাট জিলা সমিতিৰ সভাপতি অজিত গগৈ, সম্পাদক ৰাতুল সন্দিকৈ, অসীম শইকীয়া, গৌতম বৰুৱা, মুকেশ লইং, বিকাশ বৰা আদিৰ লগতে দুই শতাধিক বিভিন্ন ৰাজনৈতিক দলৰ বিষয়ববীয়াই যোগদান কৰে।

অনুষ্ঠানত দলৰ কাৰ্যকৰী সভাপতি মন্ত্রী কেশব মহন্ত, সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ডা: কমলাকান্ত কলিতা, মনোজ শইকীয়া, প্ৰবীন হাজৰিকা, বিমলেন্দু সিংহ, সত্যব্ৰত কলিতা, উপ-সভাপতি সুনীল ডেকা, বিষ্ণু দাস, আক্ৰাম হুছেইন, জ্যোতিষ দাস, প্ৰচাৰ সম্পাদক ড: তপন দাস, সাংগঠনিক সম্পাদক অৰ্ণৱ ভৰালী, নিবেদিতা ডেকা, হবিবৰ ৰহমান আৰু ভাতৃ-ভগ্নী সংগঠনৰ সভাপতিসকল উপস্থিত থাকে।

Exit mobile version