Incident in Kaziranga National Park:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন !

নাৱৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দি সন্ধানহীন চোৰাং চিকাৰী জগু

kaziranga

Incident in Kaziranga National Park:

ব্ৰহ্মপুত্ৰত জাঁপ দি সন্ধানহীন হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুটাকৈ গঁড় হত্যা কৰি খৰ্গ কাটি উধাও হোৱা দুৰ্ধৰ্ষ গড়’ চিকাৰী জগু পেগু।

যোৱা ২৪ জানুৱাৰীৰ নিশা কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মহুৰামুখৰ বৰবালিৰ পৰা গোলাঘাট আৰক্ষীয়ে বন বিভাগৰ সহযোগত গ্রেপ্তাৰ কৰা পাছত গঁড় চিকাৰী জণ্ডৰ বাসগৃহৰ পাছফালৰ পৰা মাটিত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে এটা খৰ্গ আৰু হৰেন কামান নামৰ এজন লোকৰ বাসগৃহৰ পৰা ১৩ জাঁই সক্রিয় গুলি সহ এটা একে-৪৭ ৰাইফল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

আৰক্ষীয়ে গড় চিকাৰী জগুক ন্যায়ালয়ত হাজিৰ কৰাই সাত দিনৰ জিম্মাত লৈ অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছিল। সন্ধিয়া গড় চিকাৰী জগুৰ স্বীকাৰোক্তিৰ ভিত্তিত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত বোকাখাত আৰক্ষী আৰু বন বিভাগৰ এটি দলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাকলুং বন শিবিৰ অঞ্চলত হত্যা কৰা আনটো গঁড়ৰ খৰ্গ বিচাৰি সন্ধানত গৈছিল।

তেতিয়াই ব্ৰহ্মপুত্র নদী পাৰ হ’বলৈ লওতে চোৰাং চিকাৰী জগুৱে পলাবলৈ চেষ্টা কৰে আৰু নাৱৰ পৰা নদীত জাঁপ দিয়ে। লগে লগে আৰক্ষী জোৱান হীৰকজ্যোতি বৰদলৈয়ে নদী জাঁপ দি চোৰাং চিকাৰী জগুক ধৰিবলৈ চেষ্টা কৰিছিল। অৱশ্যে আৰক্ষীৰ জোৱান আৰু চোৰাংচিকাৰী জগু নদীৰ মাজত সন্ধানহীন হৈ পৰে।

লগে লগে আন এজন আৰক্ষীৰ জোৱান মুহিত বৰাই নদীত জাঁপ দিয়ে আৰু আৰক্ষীৰ জোৱান হীৰকজ্যোতিক উদ্ধাৰ কৰে যদিও চোৰাং চিকাৰী জগু নদীত সন্ধানহীন হৈ পৰে। প্ৰায় দুঘন্টাৰ অধিক সময় আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ নেতৃত্বত দলটোৱে সন্ধানহীন আৰক্ষী আৰু চোৰাং চিকাৰীজনৰ সন্ধানত অভিযান চলাই যদিও সন্ধান নাপাই এছডিআৰএফক খবৰ দিয়ে।

ঘটনাস্থলীত এছডিআৰএফৰ দল উপস্থিত হৈছিল যদিও নিশা আন্ধাৰৰ বাবে অভিযান চলাব পৰা নাই। ইতিমধ্যেই দুয়োজন আৰক্ষী জোৱানক বোকাখাত অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছে। আনহাতে, কাজিৰঙাৰ অগৰাতলি বনাঞ্চল অঞ্চলত আৰক্ষীৰ অভিযান অব্যাহত আছে।

Exit mobile version