Goalpara:গোৱালপাৰাৰ কালপানী চান্দামাৰী গাঁও পঞ্চায়তত ৪ বছৰেও সম্পূৰ্ণ নহল ৮৬ লাখ টকীয়া নদী বান্ধ

public protest

Goalpara:

গোৱালপাৰা জিলাৰ বালিজানা উন্নয়ন খণ্ডৰ অন্তৰ্গত কালপানী চান্দামাৰী গাঁও পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে আজি কালপানী অঞ্চলৰ একাংশ ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অভিযোগ অনুসৰি বলবলা বজাৰৰ পৰা সিজুকনালৈ প্ৰায় ১১০০ মিটাৰ দৈৰ্ঘ্যৰ জিনাৰী নৈৰ বান্ধৰ বাবে ২০২০-২১ বিত্তীয় বৰ্ষৰ এমজিএনৰেগা আচঁনিৰ মুঠ ৮৬২২৭৬১ টকা আৱন্টন কৰা হৈছিল ।

লগতে প্ৰয় ৪ বছৰ পূৰ্বে স্থানীয় পঞ্চায়ত কতৃপক্ষই কাম আৰম্ভ কৰিছিল যদিও আজিলৈ কাম সম্পূৰ্ণ হোৱা নাই ৷ এই সম্পৰ্কে স্থানীয় কালপানী তৃতীয় খণ্ডৰ ৰাইজে বিগত ৪ টা বছৰে বহুবাৰ জিলা আয়ুক্তৰ লগতে তদানীন্তন গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগকো অভিযোগ দিয়াৰ পাছত কোনো সুফল লাভ নকৰা বুলিও এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

সেয়েহে আজি কালপানীৰ একাংশ পুৰুষ মহিলাই জিনাৰি নৈৰ পাৰত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

Exit mobile version