North Guwahati Municipality Board:উত্তৰ গুৱাহাটী পৌৰসভাই পেলোৱা পলিথিনৰ আৱৰ্জনা খাই পশুধনৰ মৃত্যু

north ghy

North Guwahati Municipality Board:

ভাৰত চৰকাৰে পলিথিন ব্যৱহাৰ বন্ধ কৰি পৰিৱেশ সুৰক্ষাৰ শ্ল’গান দিয়াৰ সময়ত এক অতি ভয়াৱহ তথা দুখলগা খবৰে চিন্তিত কৰি তুলিছে বহুতকে। উত্তৰ গুৱাহাটী পৌৰসভাই পলিথিনৰ বেগ ব্যৱহাৰ কৰি স্বচ্ছ ভাৰতৰ শ্ল’গান দিয়াৰ সময়তে পৌৰসভাই মুকলি ঠাইত পেলোৱা পলিথিনৰ বেগৰ আৱর্জনা ভক্ষণ কৰি বহু পশুধনৰ কৰুণ মৃত্যু ঘটিছে পলিথিন খাই মৃত্যুলৈ অপেক্ষা কৰিছে বহু গৰু- ছাগলী।

উল্লেখ্য যে দীর্ঘেশ্বৰী দেৱালয়ৰ সমুখত মুকলিকৈ উত্তৰ গুৱাহাটী পৌৰসভাই পেলাই আহিছে আৱৰ্জনা। ডাঠ পলিথিনৰ পেকেটত আৱৰ্জনা ভৰাই এইদৰে কৰা ল’ৰা-ধেমালিৰে নির্মমভাবে পশুধন নিধন যজ্ঞ পাতিছে পৌৰসভাই। যাৰ বাবে দুখত ভাগি পৰিছে দুখীয়া পশুপালকসকল।

উত্তৰ গুৱাহাটী পৌৰসভাৰ বেআইনী কামৰ দণ্ডাধীশ তদন্তৰ জৰিয়তে দোষীসকলৰ শাস্তি দাবী কৰাৰ লগতে দুখীয়া পৰিয়ালসমূহৰ ক্ষতিপূৰণৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে।

Exit mobile version