Tezpur Agp worker Meeting:তেজপুৰত অগপৰ বিশাল বুথ কৰ্মী সন্মিলন

ৰাজ্যৰ উন্নয়ণ আৰু বিকাশত সন্ত্ৰস্তমান কংগ্ৰেছঃ অতুল বৰা

atul bora

Tezpur Agp worker Meeting:

আজি শোণিতপুৰ সংসদীয় সমষ্টিৰ এখনি বিশাল বুথ কৰ্মী সন্মিলনখন তেজপুৰ চহৰৰ জয়মতী পথাৰত অনুষ্ঠিত হয়। প্ৰায় ৮ সহস্ৰাধিক বিভিন্ন পয্যায়ৰ দলীয় বিষয়ববীয়া আৰু সদস্যৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই সন্মিলনত উপস্থিত থাকি অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই অগপক জাতীয়তাবাদী শক্তি হিচাপে গঢ় দিয়াত তেজপুৰবাসীৰ অনৱদ্য অৱদান আছে বুলি সম্বোধন কৰি কয় যে, অসম গণ পৰিষদ দলে আহি থকা সময়বোৰত ৰাজ্যৰ ৰাজনীতিত পুনৰ অধিক প্ৰভাৱ বিস্তাৰ কৰিব বুলি উল্লেখ কৰে।

জাতি, ধৰ্ম, বৰ্ণ, ভাষা, গোষ্ঠী নিৰ্বিশেষে নিজ নিজ বুথসমূহ সুসংগঠিত কৰি শোণিতপুৰ সংসদীয় সমষ্টিত অগপক ন-ৰূপত শক্তিশালী কৰি তুলিবলৈ বুথৰ লগতে সকলো স্তৰৰ নেতা কৰ্মীকে আহ্বান জনাই সভাপতি বৰাই কয় যে, ৰাইজ এতিয়া কংগ্ৰেছৰ পক্ষত নাই আৰু ২০২৪ৰ লোকসভা নিৰ্বাচনত ৰাইজে কংগ্ৰেছক সমূলি বৰ্জন কৰিব।

বৰাই কয় যে, ৰাহুল গান্ধী অসমলৈ আহিল আৰু গ’ল, কংগ্ৰেছৰ ন্যায় যাত্ৰাই অসমৰ সচেতন ৰাইজক প্ৰভাৱান্বিত নকৰে আৰু সেয়েহে জাতীয়তাবাদী চিন্তাৰে জাতিটোৰ হকে, অগপৰ হকে প্ৰতিগৰাকী দলীয় সদস্যক আগন্তুক নিৰ্বাচনবোৰত দলটোৰ শক্তি প্ৰদৰ্শনৰ বাবে তৃণমূল পৰ্যায়ত অধিক উৎসাহেৰে কাম কৰি যাবলৈ আহ্বান জনায়। অসমৰ জাতীয় স্বাৰ্থত অসম গণ পৰিষদ দল সদায় এক জাতীয় শক্তি হিচাপে অসমবাসীৰ মাজত থাকি কাম কৰি যাব বুলিও বৰাই দৃঢ়তাৰে মতপোষণ কৰে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনে উন্নয়ণ আৰু বিকাশৰ নতুন মাত্ৰা লাভ কৰিছে। সৰ্বস্তৰৰ ৰাইজ উন্নয়ণৰ পোহৰৰে উজলিছে। জনসাধাৰণে উন্নয়ণ আৰু বিকাশ বিচাৰে। কংগ্ৰেছৰ পূৰ্বৰ দুৰ্ণীতি ভ্ৰষ্টাচাৰে ৰাজ্যখনক কোঙা কৰা দিনবোৰৰ কথা আজিও অসমবাসীক আমনি কৰে।

কংগ্ৰেছ এতিয়া অপ্ৰাসংগিক আৰু অপ্ৰয়োজনীয় দললৈ পৰ্য্যবেশিত হ’ল। আহিবলগীয়া দিনসমূহ হব আঞ্চলিকতাবাদৰ শক্তি বৃদ্ধিৰ দিন। অসম গণ পৰিষদ দলে অসমবাসীৰ সহযোগত দলটোক নতুন ৰূপত অধিক শক্তিশালী ভাৱে আগবঢ়াই নিবলৈ অঙ্গীকাৰবদ্ধ বুলি বৰাই উল্লেখ কৰে। বুথ কৰ্মী সন্মিলনখনত উপস্থিত থাকি দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই ঐতিহাসিক অসম আন্দোলনৰ স্মৃতি বিজড়িত শোণিতপুৰৰ প্ৰতিজন লোকৰ শিৰাই শিৰাই জাতীয়তাবাদৰ দুৰ্বাৰ চেতনা প্ৰৱাহিত হৈ আছে বুলি উল্লেখ কৰি ইতিহাসৰ পাত লুটিয়াই চালেওঁ জাতীয়তাবাদৰ গাথাৰে সমৃদ্ধ শোণিপুৰৰ ইতিহাস সুস্পষ্টভাৱে পৰিলক্ষিত হয় বুলি মন্তব্য কৰে।

মহন্তই কয় যে, অসম গণ পৰিষদ সকলো ধৰ্মৰে প্ৰতি সহনশীল ৰাজনৈতিক দল। জাতি-ধৰ্ম নিৰ্বিশেষে সকলো ব্যক্তিকেই আঞ্চলিকতাবাদ সুৰক্ষিত কৰাৰ স্বাৰ্থত বিনাদ্বিধাই অসম গণ পৰিষদৰ সৈতে সংযুক্ত হব পাৰে বুলি মন্তব্য কৰি কাৰ্য্যকৰী সভাপতি মহন্তই কংগ্ৰেছ এতিয়া অস্তমিত সূৰ্য বুলি কটাক্ষ কৰে । বিগত নিৰ্বাচনসমূহত কংগ্ৰেছক জনসাধাৰণে সমুলঞ্চে প্ৰত্যাখ্যান কৰিছে আৰু কংগ্ৰেছক পৰাভূত কৰি আঞ্চলিকতাবাদক সঞ্জীৱিত কৰিবলৈ অগপৰ নেতা-কৰ্মী দৃঢ় প্ৰতিজ্ঞ হবলৈ আহ্বান জনাই মহন্তই দলীয় সকলো সদস্যকে নিজ নিজ বুথ সমূহত জনগণৰ সৈতে সংযোগ তীব্ৰতৰ কৰিবলৈ আহ্বান জনায় ।

সন্মিলনখনিত দলৰ উপ-সভাপতি তথা তেজপুৰ বিধান সভা সমষ্টিৰ স্থানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাই আদৰণি ভাষণ প্ৰদান কৰে আৰু উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক প্ৰবীন হাজৰিকাই। সন্মিলনত অগপ সাধাৰণ সম্পাদক সত্যব্রত কলিতা,প্ৰবীন হাজৰিকা, বিমলেন্দু সিংহ, উপ-সভাপতি, সুনীল ডেকা, বিষ্ণু দাস, প্ৰেম শৰ্মা, সিদ্ধেশ্বৰ হাজৰিকা, সম্পাদক জয়ন্ত খাউণ্ড,মনিমাধৱ মহন্ত,নুৰুল চুলতান,অপূৰ্ব ভট্টাচাৰ্য্য, অসম আন্দোলনৰ অগ্ৰণী নেতা মহেন্দ্ৰ কেওটকে প্ৰমুখ্য কৰি ভাতৃ-ভগ্নী সংগঠনসমূহৰ সভাপতি, বিষয়ববীয়াসকল, শোণিতপুৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত জিলা সমিতিসমূহৰ বিষয়ববীয়া ও সদস্য, বিধান সভা সমষ্টি সমিতিসমূহ বিষয়ববীয়া ও সদস্যসকলৰ লগতে বুথ সমিতিসমূহৰ বিষয়ববীয়া ও সদস্যসকল উপস্থিত থাকে।

Exit mobile version