Rabiram Nazary:২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি বিধানসভা সমষ্টিত একেদিনাই চাৰিটাকৈ আচনিৰ আধাৰশিলা স্থাপন বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ

rabiram

Rabiram Nazary:

২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি বিধানসভা সমষ্টিত উন্নয়নৰ জোৱাৰ তুলিছে বিপিএফৰ স্থানীয় বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে। আজি একেদিনাই ৪ টাকৈ আঁচনিৰ কামৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে।  সমষ্টিটোৰ অন্তৰ্গত মহিষবাথানত এছ ডি আৰ এফ আঁচনিৰ অধীনত ৪৭ লাখ ৬ হেজাৰ ৫০০ টকা ব্যয় সাপেক্ষে বক্স কালভাৰ্টৰ লগতে মহিষবাথানৰ পৰা পলাশকান্দি লৈকে পথৰ কামৰ আধাৰশিলা স্থাপন কৰে।

একেটা আঁচনিৰ অধীনত দিনগাঁৱত ৪২ লাখ ১৭হেজাৰ ৫০০ টকা ব্যয় সাপেক্ষে বক্স কালভাৰ্টৰ লগতে দিনগাঁৱৰ পৰা ময়নাৰতল লৈকে যোৱা পথৰ কাম,ভূৱননগৰত ৬৭লাখ ৬৬ হাজাৰ ৮০০ টকা ব্যয় সাপেক্ষে আৰ চি চি দলংৰ লগতে ভূৱননগৰৰ পৰা ফালুগুৰিলৈকে যোৱা পথৰ কাম আৰু হাতাছাৰাত ৪৬ লাখ ২ হেজাৰ টকা ব্যয় সাপেক্ষে বক্স কালভাৰ্টৰ লগতে হাতাছাৰাৰ পৰা ফালুগুৰিলৈকে যোৱা পথৰ কামৰ আধাৰশিলা স্থাপন  কৰি বিধায়ক গৰাকীয়ে ৰাইজৰ সৈতে মত বিনিময় কৰে।

ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিধায়ক গৰাকীয়ে কাম সমূহ কৰি দিয়াৰ বাবে ৰাইজে বিধায়ক গৰাকীক প্ৰশংসা কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে।

Exit mobile version