Heavy Snowfall in Himachal Pradesh:প্রচণ্ড তুষাৰপাতত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হিমাচল প্ৰদেশত

বাট-পথত কে'বা ফুট বৰফ জমা, বন্ধ কৰি দিয়া হৈছে পাঁচ শতাধিক পথ, কমলা সতর্কতা জাৰি বতৰ বিজ্ঞান বিভাগৰ

hp 1

Heavy Snowfall in Himachal Pradesh:

পুনৰ প্রৱল তুষাৰপাতে স্বাভাৱিক জীবন ব্যাহত কৰিছে হিমালয়ান ৰাজ্য হিমাচল প্রদেশত। বিগত কে’বাদিন ধৰি ৰাজ্যখনত অব্যাহত থকা ভয়ংকৰ তুষাৰপাতৰ ফলত বাট-পথত কে’বা ফুট বৰফ জমা হয়।

বহু ৰাষ্ট্ৰীয় পথৰ লগতে ৰাজ্যিক পথ বন্ধ হৈ আছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আগন্তুক দুদিনলৈ প্রৱল তুষাৰপাত অব্যাহত থাকিব হিমাচল প্রদেশত। ইতিমধ্যে প্রশাসনে ৰাজ্যখনত কমলা সতর্কতা জাৰি কৰিলে।

কুলু, চাম্বা, ছিমলা আৰু কিম্নৰ জিলাত প্রৱল বৃষ্টিপাতৰো সম্ভাৱনা আছে আৰু ছয় ফেব্ৰুৱাৰী পর্যন্ত ৰাজ্যখনত বৃষ্টিপাত -তুষাৰপাত অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে পূর্বানুমানত উল্লেখ কৰিছে।

ৰাজ্য প্রশাসনৰ সূত্ৰৰ খবৰ অনুসৰি, তুষাৰপাতৰ ফলত ৰাজ্যখনত ৫০৪ পথ সম্প্রতি বন্ধ ৰখা হৈছে। সর্বাধিক প্রভাৱিত হৈছে ৰাজধানী চহৰ ছিমলা৷ এই চহৰ খনৰ ২৫০ৰো অধিক পথ তুষাৰপাতৰ ফলত বন্ধ হৈ আছে।

Exit mobile version