NASA’s Special Satellite Discovered ‘Super Earth:নাছাৰ বিশেষ উপগ্রহই আৱিষ্কাৰ কৰিলে ‘ছুপাৰ আৰ্থ’

মহাকাশত পৃথিৱী সদৃশ নতুন গ্ৰহৰ সন্ধান, মানুহৰ বসবাসৰ উপযুক্ত !

earth

NASA’s Special Satellite Discovered ‘Super Earth:

ব্রহ্মাণ্ডত সেউজ গ্ৰহটোৰ সমকক্ষ বা মানুহে বসবাসৰ উপযুক্ত আন কোনো দ্বিতীয়টো গ্ৰহৰ সন্ধানত বিশ্বৰ মহাকাশ বিজ্ঞানী মহলে দীর্ঘদিনে অব্যাহত ৰখা গৱেষণাৰ মাজতে বিশ্ববাসীক নাছাই দিলে আশাৰ খবৰ।

পৃথিৱীৰ পৰা ১৩৭ আলোেক বর্ষ নিলগত সন্ধান পোৱা গৈছে হুবহু পৃথিবী সদৃশ এটা গ্ৰহৰ। মার্কিন মহাকাশ গবেষণা সংস্থা নাছাৰ বিজ্ঞানীসকলে এক প্রেছ বিবৃতিযোগে এই সুখবৰ দি কৈছে যে মহাকাশত নাছাই আৱিষ্কাৰ কৰিছে এখন ‘ছুপাৰ আৰ্থ’।

বিজ্ঞানীসকলৰ মতে, ব্রহ্মাণ্ডত হুবহু সেউজ গ্ৰহটোৰ দৰে মিল থকা এই গ্রহটো সম্ভৱতঃ জীয়াই থকাৰ বাবে উপযুক্ত। পৃথিৱীৰ পৰা ১৩৭ আলোক বর্ষ নিলগত অৱস্থিত এই পৃথিৱীসদৃশ গ্ৰহটোৱে এটা ৰঙা বৰণৰ নক্ষত্ৰক প্ৰদক্ষিণ কৰে। পৃথিৱীৰ দৰে প্রায় একেই নিয়ম।

‘টিঅ’আই-৭১৫ বি’ নামেৰে নামাংকিত কৰা এই গ্ৰহটো পৃথিৱীতকৈ প্ৰায় ডেৰগুণ বহল বুলি নাছাই ঠাৱৰ কৰিছে। লক্ষ্যণীয় যে গ্রহটোৱে অভিভাৱক নক্ষত্ৰটোৰ চৌদিশে প্রদক্ষিণৰ ধাৰাবাহিকতাৰ ফলত। মহাকাশ বিজ্ঞানীসকলে উদ্‌ঘাটন কৰা এই গ্ৰহটোৰ পৃষ্ঠভূমিত তৰল পানী থকাৰ সম্ভাৱনাও ব্যক্ত কৰিছে।

বিজ্ঞানীসকলে এই কথাও কৈছে যে এই গ্রহটোৱে মাথোঁ ১৯ দিনতে (এবছৰ) সম্পূর্ণ কক্ষপথ প্রদক্ষিণ কৰে। নাছাৰ বিজ্ঞানীসকলে বিবৃতিটোত কয় যে পৃষ্ঠভূমিত পানীৰ উপস্থিতি পাবলৈ হ’লে নিশ্চিতভাৱে আন কে’বাটাও কাৰকৰ উপস্থিতি নিশ্চিত হ’ব লাগিব।

বিশেষকৈ গ্রহটোত বায়ুমণ্ডল থাকিলেহে পানীৰ উপস্থিতিও নিশ্চিত হ’ব। অৱশ্যে দূৰৈৰ পৰা গ্ৰহটো পর্যবেক্ষণ কৰি বিজ্ঞানীসকলে অনুমান কৰিছে যে এই গ্ৰহটো বসবাসৰ বাবে উপযোগী হ’ব।

উল্লেখ্য যে নাছাৰ ‘ট্রেনজিটিং এক্স’প্লেনেট ছেটেলাইট’ৰ জৰিয়তে মহাকাশত এই নতুন গ্ৰহটো আৱিষ্কাৰ কৰিছে। নাছাই সদৰী কৰা মতে, গ্ৰহটোৱে কক্ষপথ প্রদক্ষিণ সম্পূৰ্ণ কৰাৰ সময় কম হোৱা বাবে বিজ্ঞানীসকলে এই গ্ৰহটোৰ বিষয়ে সঠিক অধ্যয়ন কৰাটো সহায়ক হৈছে। নাছাই জেমছ ৱেব টেলিস্ক’পৰ জৰিয়তে গ্ৰহটো ভালদৰে পৰীক্ষা কৰাৰ পৰিকল্পনা সদৰী কৰিছে।

Exit mobile version