Guwahati Murder:মহানগৰীত নৃশংস হত্যাকাণ্ড

দলবদ্ধ আক্ৰমণৰ বলী ইক্ৰাম হুছেইন নামৰ এজন যুৱক, চিকিৎসাধীন অৱস্থাতে মৃত্যু নিৰীহ যুৱকজনৰ

ghy murder

Guwahati Murder:

স্মাৰ্ট আৰক্ষীক এক প্ৰকাৰ চেলেন্স দি মহানগৰীত ইটোৰ পাছত সিটোকৈ অপৰাধীয়ে অব্যাহত ৰাখিছে নানান অপৰাধমূলক কাৰ্যকলাপ ৷

সোমবাৰে মহানগৰীৰ মাজমজিয়াৰ গণেশগুৰিত নিশা দলবদ্ধ আক্ৰমণৰ বলী হয় এজন নিৰীহ যুৱক ৷ উদণ্ড যুৱকৰ দল এটিৰে কথাৰ কটাকটি হয় ইক্ৰাম হুছেইন নামৰ যুৱক এজনৰ ৷ সামান্য কথাতে যুৱকৰ দলটোৱে দলবদ্ধভাৱে আক্ৰমণ কৰাত মুৰত গুৰুত্বৰভাৱে আঘাত পায় যুৱকজন ৷

পিছত পৰিয়ালৰ লোকে তেজেৰে তুমৰলি হোৱা ইক্ৰাম হুছেইনক নিশাই ততাতৈয়াকৈ দিছপুৰ প’লিক্লিনিক ভৰ্তি কৰে ৷

কিন্ত চিকিৎসাধীন অৱস্থাতে মঙলবাৰে হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ইক্ৰামে ৷ ইতিমধ্যে ভূক্তভোগী পৰিয়ালে ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে ৷ এনে প্ৰেক্ষাপটত আৰক্ষীয়ে উদণ্ড যুৱকৰ দলটোৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ’ব লক্ষণীয় ৷

Exit mobile version