Now men have to pay heavy taxes for second, third and fourth marriage; the law comes into effect in Dhaka বিবাহ কৰালে ভৰিব লাগিব বৃহৎ কৰ !

ক'ত কৰা হৈছে এই নিয়ম

marriage

Now men have to pay heavy taxes for second, third and fourth marriage; the law comes into effect in Dhaka:

এজন ব্যক্তিয়ে যিমান সংখ্যক বিবাহ কৰাব, সিমানে সেই ব্যক্তিৰ বিবাহৰ পঞ্জীয়নৰ মাচুল আৰু কৰ বৃদ্ধি পাব।

এই নিয়ম প্ৰৱৰ্তন কৰিলে চুবুৰীয়া দেশ বাংলাদেশৰ ৰাজধানী ঢাকাৰ দক্ষিণ চিটি কৰ্প’ৰেচন (ডিএছচিচি)এ। একাধিক বিবাহ প্ৰতিৰোধ কৰিবলৈ এই নিয়ম প্ৰৱৰ্তনৰ সিদ্ধান্ত ল’লে ডিএছচিচিয়ে। ইছলামিক নিয়ম অনুসৰি বাংলাদেশত কোনো ব্যক্তিয়ে
বিবাহ কৰালে কৰ আদায় দিব লাগিব ৫০ হেজাৰ টকা।

কোনো ব্যক্তিয়ে প্রথম বিবাহ বা পত্নীৰ মৃত্যুৰ পাছত বিবাহ কৰালে কৰ হিচাপে ১০০ টকা আদায় দিব লাগিব। প্রথম পত্নীৰ জীৱিত কালত যথাযথ কর্তৃপক্ষৰ অনুমতি লৈ দ্বিতীয় বিবাহ কৰালে সেই পুৰুষে পাঁচ হেজাৰ টকাৰ কৰ আদায় দিব লাগিব।

প্রথম দুই পত্নীৰ জীৱিত কালত যথাযথ অনুমতি অনুসৰি তৃতীয় বিবাহ কৰালে কৰ হিচাপে আদায় দিব লাগিব ২০ হেজাৰ টকা। প্রথম তিনি স্ত্রীৰ জীৱনকালত উপযুক্ত আৰু নির্দিষ্ট অনুমতি লৈ চতুর্থ বিয়া কৰালে কৰ হিচাপে আদায় দিব লাগিব ৫০ হেজাৰ টকা।

ডিএছচিচিয়ে সদৰী কৰা অনুসৰি মুছলমানৰ মাজত বহু বিবাহৰ প্ৰৱণতা প্ৰতিৰোধ কৰা আৰু বিবাহৰ নানা আইনী জটিলতা হ্রাস কৰিবলৈ বৈবাহিক কৰ বৃদ্ধিৰ এই সিদ্ধান্ত লোৱা হৈছে।

Exit mobile version