UPI Transactions Suddenly Stopped:হঠাৎ বন্ধ হ’ল ইউপিআই লেনদেন

ডিজিটেল লেনদেনত হাহাকাৰ

upi

UPI Transactions Suddenly Stopped:

ফোন পে’, গুগল পে’, ভীমৰ দৰে ইউপিআই এপৰ জৰিয়তে ডিজিটেল লেনদেনত বাধাৰ সৃষ্টি হৈছে। অনলাইন বিত্তীয় লেনদেনকাৰীয়ে বিগত কে’বাদিন ধৰি ডিজিটেল লেনদেনৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা বুলি বহু অভিযোগ উঠিছে।

ADVERTISEMENT

চৰকাৰে পেটিএম পেমেন্ট বেংকৰ বিকদ্ধে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছত হঠাতে সমগ্র ইউপিআই লেনদেন বাধাগ্রস্ত হোৱাত ডিজিটেল লেনদেনৰ ক্ষেত্ৰত দেশবাসীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। ফোন পে’, গুগল পে’, ভীমৰ দৰে ইউপিআই এপ ব্যৱহাৰকাৰীয়ে অভিযোগ কৰা অনুসৰি তেওঁলোকে অনলাইনযোগে ধনৰ লেনদেন কৰা বিফল হৈছে।

দৰাচলতে একাধিক বেংকৰ ছাৰ্ভাৰ ডাউন হোৱাৰ ফলত ডিজিটেল লেনদেন বাধাগ্রস্ত হৈছে। এইচডিএফটি বেংক, বেংক অৱ বৰোদা, বেংক অৱ মহাৰাষ্ট্র, ষ্টেট বেংক অৱ ইন্ডিয়া, কোটাক মহিন্দ্রা বেংক আদিৰ ছাৰ্ভাৰ ডাউন হোৱা হেতুকে বিগত কিছুদিন ধৰি দেশৰ বিভিন্ন অঞ্চলত এনে বেংকৰ গ্রাহকে ইউপিআই লেনদেনত অসুবিধাৰ সন্মুখীন হৈছে।

Exit mobile version