Uttarkhand Haldwani Violence:উত্তৰাখণ্ডত মছজিদ আৰু মাদ্ৰাছা ভাঙি পেলোৱাক লৈ অগ্নিগৰ্ভা পৰিস্থিতি

উত্তেজিত লোকৰ দ্বাৰা প্ৰসাসনৰ লোকক আক্ৰমণ,  জ্বলাই দিয়ে থানা আৰু অৰ্ধ শতাধিক যান-বাহন, চাৰিজনৰ মৃত্যু,দুই শতাধিক আহত, হালদ্বানীত কাৰ্ফিউ আৰু ইন্টাৰনেট সেৱা বন্ধ, দুর্বৃত্তক দেখিলেই গুলী মৰাৰ নিৰ্দেশ জাৰি চৰকাৰৰ

uttarkhand 1

Uttarkhand Haldwani Violence:

উত্তৰাখণ্ডৰ হালদ্বানীত অবৈধভাবে থকা মছজিদ আৰু মাদ্ৰাছা ভাঙি পেলোৱাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। একাংশ উত্তেজিত লোকে প্ৰসাসনৰ লোকক আক্ৰমণ কৰাৰ লগতে জ্বলাই দিয়ে থানা আৰু অৰ্ধ শতাধিক যান-বাহন ৷

উল্লেখ্য যে,বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ নৈনিতাল জিলাৰ হালদ্ৰানীৰ বনভুলপুৰা অঞ্চলত থকা মাদ্ৰাছা আৰু মছজিদ সমূহ আদালতৰ নিৰ্দেশক্ৰমে পৌৰ নিগমৰ দলে ভাঙি পেলায়। ইয়াৰ পিছতেই অঞ্চলটোত সৃষ্টি হয় ব্যাপক হিংসাত্মক ঘটনা ৷পৰিস্থিতিয়ে লয় ভয়ংকৰ ৰূপ ৷

হিংসাত্মক ঘটনাত চাৰিজন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আহত হয় আঢ়ৈ শতাধিক ২৫০ৰো অধিক লোক ৷ আহত সকলক ইতিমধ্যে ভৰ্তি কৰা হয়
হালদ্ৰানীৰ চিভিল হাস্পতালত ৷

একাংশ উত্তেজিত লোকে আৰক্ষী আৰু একাংশ লোকক শাৰিৰীকভাৱে প্ৰহাৰ কৰাৰ লগতে জ্বলাই দিয়ে বহু সংখ্যাক যান-বাহন ৷ হালদ্বানী থানাৰ একাংশ জ্বলাই দিয়াৰ পাছতে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ আৰু শূন্যলৈ গুলীচালনা কৰে ৷

আনহাতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত অতিৰিক্ত নিৰাপত্তা বাহিনী ঘটনাস্থলীত উপস্থিত হৈ বহু চেষ্টাৰ অন্তত পৰিস্থিতি নিয়ন্ত্ৰণ হয় ৷ অৱশ্যে এতিয়া অব্যাহত আছে চেপা উত্তেজনা

হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাটে ইতিমধ্যে অঞ্চলটোত সান্ধ্য আইন জাৰি কৰাৰ লগতে ইন্টাৰনেট সেৱা কৰ্তন আৰু দুর্বৃত্তক দেখিলেই গুলী মৰাৰ নিৰ্দেশ জাৰি কৰিছে চৰকাৰে ৷ আনহাতে ৰাজ্যৰ বিদ্যালয় সমূহ বন্ধ ঘোষণা কৰে ৰাজ্য চৰকাৰে ৷

প্ৰাপ্ত বিতং খবৰ মতে, বনভুলপুৰাৰ ইন্দিৰা নগৰ অঞ্চলৰ মালিকৰ বাৰীত অবৈধ মাদ্ৰাছা আৰু মছজিদ নিৰ্মাণ কৰা হৈছে বুলি পৌৰ নিগমৰ দলে জেচিবিৰে সকলোবোৰ ভাঙি পেলায়। মাদ্রাছা-মছজিদ ভঙাৰ আৰম্ভ হোৱাৰ লগে লগে বৃহৎ সংখ্যক মহিলাকে ধৰি ক্ষুব্ধ স্থানীয় বাসিন্দাই ৰাজপথলৈ ওলাই আহি এই কাৰ্যৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে।

পৌৰ নিগমৰ দলে নিৰ্মাণ কৰা বেৰিকেড ভাঙি অভিযানত নিয়োজিত আৰক্ষীৰ সৈতে তৰ্ক কৰাৰ পিছতেই ক্ষুব্ধ জনতাই বনভুলপুৰা আৰক্ষী চকীত অগ্নিসংযোগ কৰে। ফলস্বৰূপে বহু সংখ্যক আৰক্ষী আহত হয়। তাৰ পাছতে পৰিস্থিতি নিয়ন্ত্রিত কৰিবলৈ আৰক্ষীয়ে কে’বা ৰাউণ্ড গুলী চালনা কৰিবলৈও বাধ্য হৈছিল ।

ইপিনে,এই হিংসাত্মক ঘটনাত আৰক্ষী আৰু প্ৰশাসনৰ বিষয়া- বৰ্গক আক্ৰমণক মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে গুৰুত্বসহকাৰে লৈ অশান্তি বিয়পোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ প্ৰশাসনক কঠোৰ নির্দেশ দিছে ।

শেহতীয়া খবৰ অনুসৰি হালদ্বানীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ধামীয়ে ৰাজধানী ডেৰাদুনত জ্যেষ্ঠ মন্ত্ৰী আৰু আমোলাৰ স’তে এক বৈঠকত মিলিত হয় ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰ্ধ সামৰিক বাহিনী ঘটনাস্থলীলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে ৷ আইন হাতত তুলি লোৱা কোনো লোকক ৰেহাই দিয়া নহ’ব বুলি মন্তব্য কৰি সকলোকে কৰায়ত্ত কৰিবলৈ ইতিমধ্যে আৰক্ষীক নিৰ্দেশ দিয়া হয় বুলি সদৰি কৰে ৷

Exit mobile version