David Marjott Received his master’s Degree at the Ageof:৯৫ বছৰ বয়সত স্নাতকোত্তৰ ডিগ্রী অর্জন ডেভিদ মাৰ্জটৰ

old men

David Marjott Received his master’s Degree at the Ageof:

শৈক্ষিক অৰ্হতা অৰ্জনৰ ক্ষেত্ৰত বয়স কেতিয়াও বাধা হ’ব নোৱাৰে। এই কথাৰে বাস্তৱত এক প্রমাণ দাঙি ধৰিলে ৯৫ বছৰ বয়সীয়া ডেভিদ মার্জটে।

৯৫ বছৰ বয়সত ছাৰে নিবাসী মার্জেটে অর্জন কৰিলে স্নাতকোত্তৰ ডিগ্রী। কিংষ্ট’ন বিশ্ববিদ্যালয়ৰ পৰা মডার্ন ইউৰোপিয়ান ফিল্ম ‘ছ’ফি বিষয়ত স্নাতকোত্তৰ ডিগ্রী গ্ৰহণ কৰিলে মাৰ্জটে। এজন মনোৰোগ বিশেষজ্ঞ হোৱাৰ পাছতে ৭২ বছৰ বয়সত পুনৰ অধ্যয়ন আৰম্ভ কৰিছিল এইজন ব্যক্তিয়ে।

অৱশেষত ৯৫ বছৰ বয়সত মার্জটে লাভ কৰিলে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্রী। চিকিৎসা বিজ্ঞানৰ ডিগ্রী গ্ৰহণৰ ৭২ বছৰ পাছত এই ডিগ্রী লাভ কৰে মাৰ্জটে। পেছাত মার্জট এজন অৱসৰপ্ৰাপ্ত মনোৰোগ চিকিৎসক। এতিয়া মার্জটে পিএইচডি পাঠ্যক্রমত নামভৰ্তিৰ পৰিকল্পনা লৈছে।

স্নাতকোত্তৰ ডিগ্রী লাভৰ পাছত সাংবাদিকৰ আগত মার্জটে এইদৰে কয়, ‘মোৰ স্মৃতিশক্তি এতিয়া আগৰ দৰে নাই। কিন্তু অধ্যয়নৰ প্ৰতি মোৰ এতিয়াও পূর্বতকৈ অধিক আগ্রহ জন্মিছে। মই পিএইচডিৰ বাবে এতিয়া পঢ়া-শুনা আৰম্ভ কৰিব বিচাৰিছে। মই ভাবো যে এজন ব্যক্তিয়ে সদায় সকলো সময়তে নিজক এক প্রত্যাহ্বান জনোৱা উচিত। আপুনি যিমানে বুঢ়া– নহওক কিয়, সদায় নিজক প্ৰত্যাহ্বানৰ মাজৰে আগুৱাই নিয়ক।’

Exit mobile version