62 Lakh if She Gives Birth to a Child:সন্তান জন্ম দিলে লাভ কৰিব ৬২ লাখ টকা !

boing 1

62 Lakh if She Gives Birth to a Child:

ভাৰতৰ দৰে এনে কে’বাখনো দেশ আছে যি দেশত জনসংখ্যা বৃদ্ধি এক গুৰুতৰ সমস্যা। কিন্তু এই বিশ্বত এনে দেশো আছে যি দেশত জনসংখ্যা হ্রাস পোৱাত চৰকাৰ তথা প্রশাসন চিন্তিত হৈছে।

সম্প্রতি দক্ষিণ কোৰিয়া এনে এক সমস্যাৰ সন্মুখীন হৈছে । এনে পৰিস্থিতি দেশখনে জনসংখ্যা বৃদ্ধি কৰিবলৈ এক পদক্ষেপ গ্রহণ কৰিলে। বুইয়ং গ্রুপ নামৰ দক্ষিণ কোৰিয়াত এটা কোম্পানীয়ে নিজৰ কৰ্মীসকলক, যিসকলৰ সন্তান আছে, তেওঁলোকক ৭৫,০০০ ডলাৰ অৰ্থাৎ প্রায় ৬২ লাখ টকা ব’নাচ প্ৰদানৰ ঘোষণা কৰিলে।

বর্তমানে দক্ষিণ কোৰিয়াই বিশ্বৰ সৰ্বনিম্ন প্ৰজনন হাৰৰ স’তে সংগ্রাম কৰিছে। ২০২২ বৰ্ষত দেশখনত প্ৰজনন হাৰ আছিল মাত্র ০.৭৮ শতাংশ। দক্ষিণ কোৰিয়াৰ চৰকাৰী সংস্থাৰ পূর্বানুমানত উল্লেখ কৰা অনুসৰি ২০২৫ বৰ্ষৰ ভিতৰত এই হাৰ ০.৬৫ শতাংশলৈ অৱনমিত হ’ব পাৰে।

এই কাৰণতে দেশখনৰ বুইয়ং গ্রুপ নামৰ প্রতিষ্ঠানটোৱে নিজৰ কৰ্মচাৰীক সন্তান জন্ম দিয়াৰ বাবে উৎসাহিত কৰিবলৈ এই আঁচনি গ্রহণ কৰিলে। কোম্পানীটোৱে ঘোষণা কৰা অনুসৰি তেওঁলোকৰ প্রতিষ্ঠানত কর্মৰত কৰ্মীয়ে প্ৰতি সন্তানৰ বাবদ কোম্পানীৰ পৰা লাভ কৰিব ৬২ লাখ টকা।

ইতিমধ্যে কোম্পানীটোৱে নিজৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ ৭০ সন্তানৰ বাবে মুঠ ৪৩ কোটি টকাৰ বাজেট নির্ধাৰণ কৰিলে।

Exit mobile version