Historic Army Camp Was Closed:বন্ধ হ’ল ইতিহাস প্রসিদ্ধ সেনা শিবিৰ

সোণাই ৰূপাই বন্যপ্রাণী অভয়াৰণ্যৰ ৪২ হেক্টৰ ভূমি মোকলাই দিলে সেনাবাহিনীয়ে

lama army camp

Historic Army Camp Was Closed:

ঐতিহাসিক ‘লামা কেম্প’ এতিয়াৰে পৰা অতীত হ’ল। ভাৰতীয় সেনাবাহিনীয়ে বন্ধ কৰি দিলে শোণিতপুৰৰ মিছামাৰী সামৰিক ঘাটিৰওচৰৰ এই ইতিহাস প্রসিদ্ধ ‘লামা কেম্প’।

উল্লেখ্য যে ১৯৫৯ ত চীনা – আগ্রাসনৰ সময়ত বৌদ্ধ ধর্মগুৰু দালাই লামা সদলবলে তীব্বতৰ পৰা পলাই আহোতে ভাৰতীয সেনাই আদৰি আনি অসম আৰু অৰুণাচল প্রদেশ সীমান্তৰ ফুটহিলছৰ ওচৰৰ সোণাই ৰূপাই বনাঞ্চলৰ যি স্থানত আশ্রয় দিছিল, সেই স্থানতে সেনাবাহিনীয়ে ১৯৬২ ত স্থাপন কৰিছিল এটা শিবিৰ।

তদানীন্তন ভাৰতবৰ্ষৰ প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে ইয়াতেই সাক্ষাৎ কৰিছিল তীব্বতী বৌদ্ধ ধর্মগুৰু দালাই লামাক। দালাই লামাৰ নামেৰেই পৰৱৰ্তী সময়ত এই সেনা শিবিৰটো পৰিচিত হৈ পৰিছিল ‘লামা কেম্প’ নামেৰে। ইতিহাস প্রসিদ্ধ এই শিবিৰটো এতিয়া বন্ধ কৰাৰ সিদ্ধান্ত লৈ সম্প্রতি এই স্থানৰ পৰা স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে ভাৰতীয় সেনাবাহিনীয়ে।

যোৱা প্রায় এসপ্তাহ ধৰি চলিছে শিবিৰটোৰ স্থানান্তৰ কাৰ্য। ইতিমধ্যে লামা কেম্প চৌহদৰ কে’বাটাও ঘৰ ভাঙি-খুলি আনিলে সেনাই। আৰু এসপ্তাহমানৰ ভিতৰতে ৪২ হেক্টৰ ভূমি অঞ্চল আৱৰি থকা সেনা শিবিৰটো সম্পূর্ণ মুকলি হৈ পৰাৰ সম্ভাৱনা
আছে।

উল্লেখ্য যে পূৰ্বৰ সোণাই ৰূপাই সংৰক্ষিত বনাঞ্চল আৰু বৰ্তমানৰ সোণাই ৰূপাই বন্যপ্রাণী অভয়াৰণ্যৰ ৪২ হেক্টৰ ভূমি ১৯৬২ৰ পৰা দখল কৰি ভাৰতীয় সেনাই দেশৰ সুৰক্ষাৰ স্বাৰ্থত মিছামাৰী সামৰিক ঘাটিৰ ওচৰতে গঢ়ি তুলিছিল এই সেনা শিবিৰটো।

শেহতীয়াকৈ হাতী আৰু মানুহৰ সংঘাতে চৰম পৰ্যায় পোৱাত উচ্চতম ন্যায়ালয়ে বিভিন্ন সময়ত বনাঞ্চলসমূহ বেদখলমুক্ত কৰিবলৈ কঠোৰ নিৰ্দেশ দি থকাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় সেনাই এই প্রশংসনীয় পদক্ষেপ গ্রহণ কৰিছে।

সেনাৰ এই পদক্ষেপত অঞ্চলটোৰ ৰাইজে সন্তুষ্টি প্রকাশ কৰি সেনাবাহিনীক ধন্যবাদ জনায়ো শান্তিৰ ন’বেল বঁটা বিজয়ী তিব্বতী ধর্মগুৰু দালাই লামাৰ স্মৃতি বিজড়িত ‘লামা কেম্প’ৰ বিলুপ্তিত গভীৰ দুখো প্রকাশ কৰিছে।

এই সন্দৰ্ভত স্থানীয় সমাজসেবিকা দুলুমনি বৰা দাসে কয়, ‘আমি ইতিমধ্যে অৱগত হৈছো যে ঐতিহাসিক মিছামাৰীৰ ‘লামা কেম্প’ স্থানান্তৰিত হ’ব আৰু ইয়াৰ প্রক্রিয়াও চলিছে। জানিব পৰা মতে, উক্ত ভূমি বন বিভাগে চমজি ল’ব। সেই দিশৰ পৰা এটা ভাল পদক্ষেপ কিয়নো বন বিভাগে নিজৰ ভূমি ঘূৰাই পাব।

লগতে উক্ত ঠাইত বন বিভাগৰে তৃতীয় বেটেলিয়নৰ প্রশিক্ষণ কেন্দ্রও হ’ব। আনহাতে, এই কেম্পটো স্মৃতি বিজড়িত সেনাৰ কেম্প। ৰঙা চীনৰ আগ্রাসনৰ সময়ত বৌদ্ধ ধর্মীয় গুৰু দালাই লামাই অৰুণাচল হৈ আহি এই স্থানতেই জিৰণি লৈছিল। ভাৰতীয় সেনাই ধর্মীয় গুৰু দালাই লামাক ইয়াত আশ্রয় দিছিল।

পৰৱৰ্তী সময়ত দালাই লামাৰ স্মৃতি সজীৱ কৰি তোলাৰ বাবে ভাৰতীয় সেনাই স্থাপন কৰা সেনাৰ কেম্পৰ নাম দিছিল লামা কেম্প। এই কেম্পটো স্থানান্তৰিত হোৱাৰ লগে লগে সুদীর্ঘ বছৰৰ ধর্মীয় গুৰু দালাই লামাৰ স্মৃতি নিঃচিহ্ন হ’ব বুলি প্রকাশ কৰে।

Exit mobile version