Congress Screening Committee Meeting in Delhi:কংগ্ৰেছৰ স্ক্রীনিং কমিটীৰ দিল্লীৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসমৰ পাঁচটাটা সমষ্টিত নিজাববীয়াকৈ কংগ্ৰেছে কৰিব প্রতিদ্বন্দ্বিতা, সভাপতি ভূপেন বৰাই প্রার্থিত্ব প্রত্যাশীক দিছে সেউজ সংকেত

bhupen bora

Congress Screening Committee Meeting in Delhi:

দেশৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটামাহ থকা অৱস্থাত শাসকীয় বিজেপিৰ সমান্তৰালভাৱে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মহাজোঁটবন্ধনে ব্যাপক নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে ৷

প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ পৰা ইতিমধ্যে আপ আঁতৰি গৈ তিনিখন আসনত অকলেই প্ৰতিদ্বন্দ্ব্বীতা ঘোষণা কৰি ইতিপূৰ্বে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰিভাযান ৷

এনে প্ৰেক্ষাপটত কংগ্ৰেছে এতিয়া অকলেই পাঁচটা গুৰুত্বপূৰ্ণ সংসদীয় সমষ্টিত প্ৰতিদ্বন্দ্ব্বীতা কৰাৰ বিপৰীতে আন ৯টা সমষ্টিত কংগ্ৰেছ আৰু বিৰোধী ঐক্যমঞ্চই প্ৰক্ষেপ কৰিব দুজনকৈ প্রার্থী ৷

আনহাতে,কিছুদিন পাছতে কংগ্ৰেছে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব প্ৰাৰ্থীৰ তালিকা ৷

দিল্লীৰ কংগ্ৰেছৰ এক উচ্চস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা মতে,পাঁচটা সমষ্টিৰ বাবে প্ৰস্তুত কৰা কংগ্ৰেছৰ এজনীয়া প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে চুড়ান্ত কৰিছে কংগ্ৰেছৰ স্ক্রীনিং কমিটীয়ে ৷ মাত্ৰ হাইকামাণ্ডে মোহৰ মাৰিলেই প্ৰাৰ্থীসকলে সংশ্লিষ্ট সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰত নামি পৰিব ।

এপিচিচিৰ এক সূত্ৰে জানিব পৰা মতে,সভাপতি ভূপেন বৰাই প্রার্থিত্ব প্রত্যাশীক ইতিমধ্যে টিকট সন্দৰ্ভত দিছে সেউজ সংকেত ।

স্ক্রীনিং কমিটীত স্থান লাভ কৰা পাঁচ প্ৰাৰ্থী হ’ল ৷ কাজিৰঙাত ৰ’জলীনা তিৰ্কী,ডিফুত জয়ৰাম ইংলেং, কোকৰাঝাৰত গর্জন মুছাহাৰী,লখিমপুৰত উদয় শংকৰ হাজৰিকা আৰু ধুবুৰীত ৰকিবুল হুছেইন ৷

Exit mobile version