Delhi KMM Moment:MSP বৃদ্ধিৰ দাবীত দিল্লীত আজি লক্ষাধিক কৃষকৰ প্ৰতিবাদ

২৫০টা কৃষক সংগঠনৰ উমৈহতীয়া মঞ্চ কিষাণ মজদুৰ মৰ্চা (KMM)ৰ উদ্যোগত বৃহৎ প্রতিবাদ, অভেদ্য দূৰ্গত পৰিণত দিল্লী,দিল্লীলৈ অহা সকলো পথত আৰক্ষীৰ কটকটীয়া বেৰিকেড, ঠায়ে ঠায়ে প্ৰতিবাদকাৰীৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ, ১৬ ফেব্ৰুৱাৰীত ভাৰত বন্ধ ঘোষণা কিষাণ মজদুৰ মৰ্চাৰ

cultivator 1

Delhi KMM Moment:

দেশৰ ৰাজধানী চহৰ দিল্লী এতিয়া অভেদ্য দুৰ্গত পৰিণত ৷ MSP বৃদ্ধিৰ দাবীত ২৫০ টা কৃষক সংগঠনৰ উমৈহতীয়া মঞ্চ KMM সংযুক্ত কিষাণ মৰ্চাৰ (SKM) উদ্যোগত বৃহৎ প্রতিবাদ ৷ ১৫০টা কৃষক সংগঠনৰ উমৈহতীয়া মঞ্চ SKM দিল্লীলৈ মাজনিশাৰ পৰা দিল্লী অভিমুখে অব্যাহত থকা লক্ষাধিক পদযাত্রী কৃষকক ৰুধিবলৈ দিল্লী সীমান্তত কে’ বা সহস্ৰাধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে ৷ বৃহৎ বৃহৎ কংক্রীট বেৰিকেড আৰু ৰাজপথত গজাল পুটি টেক্টৰ আনিব নোৱাৰাকৈ দিল্লী আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তুলিছে ৷

আনহাতে আৰক্ষীৰ এই বেহু ভেদিবলৈ ফেপেৰি পাতি ধৰিছে কে’বা সহস্ৰাধিক পদযাত্ৰী কৃষকে ৷ পঞ্জাৱ আৰু হাৰিয়ানাৰ লগতে উত্তৰ প্ৰদেশৰ পৰাও প্ৰতিবাদী কৃষকে আন্দোলনত যোগদান কৰিছে ৷

যোৱাকালি কৃষকৰ দীৰ্ঘদিনীয়া দাবী MSP বৃদ্ধিৰ দাবীত চণ্ডীগড়ত কেন্দ্রীয় মন্ত্রী মণ্ডলৰে গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হৈাল ২৫০টা কৃষক সংগঠনৰ উমৈহতীয়া মঞ্চ কিষাণ মজদুৰ মৰ্চাৰ নেতৃবৰ্গৰে ৷

কিন্ত কোনো সমাধান সূত্ৰ নোলোৱাত ক্ষুব্ধ কৃষক সকলে দ্বিতীয়বাৰৰ বাবে কৃষক বিদ্ৰোহ কৰিবলৈ অংগীকাৰবদ্ধ হয় ৷ আনহাতে কেন্দ্ৰৰে আলোচনা ব্যৰ্থ হোৱাৰ পিছতে প্ৰতিবাদী কৃষক সংগঠন সমূহে ১৬ ফেব্ৰুৱাৰীতো ভাৰত বন্ধৰ আহ্বান জনাইছে ৷

আনহাতে প্ৰতিবাদী কৃষক সংগঠন সমূহৰ প্ৰতি দিল্লীৰ আপ চৰকাৰে মুকলি সমৰ্থন আগবঢ়াইছে ৷ উল্লেখ্য যে,দিল্লী – হাৰিয়ানা সীমান্তৰ এখন ষ্টেডিয়ামক দিল্লী পুলিচে অস্থায়ী কাৰাগাৰৰ বাবে আপ চৰকাৰৰ পৰা অনুমতি বিচাৰিছিল যদিও চৰকাৰে নিদিলে কোনো অনুমতি ৷ এই সন্দৰ্ভত আপ চৰকাৰৰ এজন মুখপাত্ৰই কয়,কৃষক সকলে গণতান্ত্ৰিকভাৱে নিজৰ প্ৰাপ্ত অধিকাৰৰ বাবে দিল্লী আহিবলৈ বিচৰাটোক কেন্দ্ৰই কিয় বাধাৰোপ কৰিব লাগে।

আনহাতে প্ৰতিবাদী কৃষক সংগঠন সমূহৰ নেতৃবৰ্গই তেওঁলোকৰ আন্দোলনৰ প্ৰতি কংগ্ৰেছ সহ আন আন দল সমূহৰ স্থিতি প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে ৷

উল্লেখ্য যে,আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজে পি নেতৃত্বাধীন এন ডি এ চৰকাৰক বিপদত পেলাবৰ বাবে কৃষক সংগঠন কেইটাই দ্বিতীয়বাৰৰ বাবে আন্দোলন ঘোষণা কৰিছিল ৷

এনে প্ৰেক্ষাপটত কৃষক আন্দোলনৰ এই যুদ্ধংদেহী স্থিতিয়ে আগন্তুক নিৰ্বাচনত বিজেপিৰ বাবে আৰ্শীবাদ নে অভিশাপ সেইয়া অনাগত দিন কেইটাত লক্ষণীয় হ’ব ৷

Exit mobile version