Parbatjhara Senior Secondary Principal Ramendra Nath Roy suspended:পৰীক্ষা আৰম্ভ হোৱাৰ ক্ষণিক পাছতেই হোৱাটচআপত ভাইৰেল ইংৰাজীৰ প্ৰশ্নকাকত

উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ আৰম্ভণিতে খেলিমেলি, পৰ্বতঝোৰাৰ বাশবাৰী ছিনিয়ৰ ছেকেণ্ডাৰীত পৰীক্ষা কেন্দ্ৰত ভাইৰেল ইংৰাজীৰ প্ৰশ্নকাকত, পৰ্বতঝৰা ছিনিয়ৰ ছেকেণ্ডাৰীৰ অধ্যক্ষ ৰমেন্দ্ৰ নাথ ৰয়ক নিলম্বন

TEACHER SUSPENDED

Parbatjhara Senior Secondary Principal Ramendra Nath Roy Suspended:

প্রশ্নকাকত ফাদিলৰ বিৰুদ্ধে কঠোৰ আইন প্ৰৱৰ্তনৰ বাবে বিধানসভাত বিধেয়ক উত্থাপনৰ পাছতে সোমবাৰৰ পৰা আৰম্ভ হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত হোৱাটচআপত বিয়পি পৰিল।

কোকোৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ বাশবাৰী ছিনিয়ৰ ছেকেণ্ডাৰীত পৰীক্ষা কেন্দ্ৰত পৰীক্ষা আৰম্ভ হোৱাৰ ডেৰ ঘণ্টা পাৰ নৌহওঁতেই প্ৰশ্নকাকত ভাইৰেল হৈ পৰে। এই প্ৰশ্নকাকত ভাইৰেল ঘটনা সন্দৰ্ভত পৰ্বতঝৰা ছিনিয়ৰ ছেকেণ্ডাৰীৰ অধ্যক্ষ ৰমেন্দ্ৰ নাথ ৰয়ক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে।

উল্লেখ্য যে,প্রাথমিক অনুসন্ধানত পোহৰলৈ অহা তথ্য মতে, পৰ্বতঝোৰাৰ বাসবাৰী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা ইংৰাজী বিষয়ৰ প্ৰশ্নকাকতখন বিভিন্নজনব ম’বাইললৈ বিয়পি পৰিছিল। অভিযোগ মতে, পৰীক্ষা আৰম্ভ হোৱাৰ কিছুসময় পাছতে পৰীক্ষা কেন্দ্ৰৰ বাহিৰৰ পৰা পৰীক্ষাৰ্থীলৈ যোগান ধৰা হৈছিল বিভিন্ন প্ৰশ্নৰ উত্তৰ।

এই তথ্য লাভ কৰাৰ পাছতে ৰূপসী থানাৰ আৰক্ষীৰ এটা দল বিদ্যালয়খনত উপস্থিত হৈ ঘটনাত জড়িত থকাৰ অভিযোগত এজনক আটক কৰে। আটকাধীন যুৱকজনক আৰক্ষীয়ে সম্প্রতি সোধ-পোছ অব্যাহত ৰাখিছে যদিও কেনেকৈ প্ৰশ্নকাকত বাহিৰলৈ আহিল সেই তথ্য উন্মোচিত হোৱা নাই।

অভিযোগ মতে, পৰীক্ষা আৰম্ভ হোৱাৰ পাছত এঘন্টা নৌহওঁতেই বিভিন্নজনৰ ম’বাইল ফোনযোগে ভাইৰেল হৈ পৰে প্রশ্নকাকতখন। উল্লেখ্য যে প্রশ্নকাকত ফাদিল হোৱাৰ পাছতে একাংশ অভিভাৱকৰ মাজত প্রশ্নকাকত বিচাৰি হাবাথুৰি থোৱাৰ দৃশ্য পৰিস্ফুট হয়।

আৰক্ষী সূত্রই সদৰী কৰা মতে, এজন যুৱকে তেওঁৰ পৰীক্ষাৰ্থী পত্নীক প্ৰশ্নৰ উত্তৰ লিখি যোগান ধৰাৰ সময়তে পৰীক্ষা কেন্দ্ৰটোত উপস্থিত হৈ আৰক্ষীয়ে যুৱকজনক আটক কৰে। অৱশ্যে ৰহস্যজনক কাৰণত ৰূপসী আৰক্ষীয়ে কৰায়ত্ত কৰা যুৱকজনৰ নাম-ঠিকনা প্ৰকাশৰ পৰা বিৰত আছে ।

উল্লেখ্য যে ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ এই ঘটনাক লৈ আজি সমগ্র অঞ্চলটোতে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হয়। কঠোৰ সতর্কতাৰ মাজতো নিখুঁতভাৱে পৰীক্ষা অনুষ্ঠিত কৰাত ব্যর্থ হোৱা শিক্ষা বিভাগক বিভিন্ন পক্ষই তীক্ষ্ণ সমালোচনা কৰিছে আৰু প্ৰশ্নকাকত ফাদিলৰ সমগ্র ঘটনাটো তদন্ত কৰিবলৈ দাবী জনাইছে।

Exit mobile version