CM Meet Golaghat District President Dadu Taye:গোলাঘাট জিলা কংগ্ৰেছ সভাপতিৰ অচিৰেই বিজেপি গমণ !

সৰুপথাৰত গোপনে মুখ্যমন্ত্ৰীক সাক্ষাৎ গোলাঘাট জিলা সভাপতি দাদু টায়েৰ

dadu new

CM Meet Golaghat District President Dadu Taye:

বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ্য দে পুৰুকায়স্থ আৰু প্ৰাক্তন মন্ত্ৰী বসন্ত দাসে বিজেপি বিধায়িনী কক্ষত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি সমৰ্থন ব্যক্ত কৰাৰ পিছতে কংগ্ৰেছত পুনৰ খহনীয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

এইবাৰ দল এৰাৰ দিশে গোলাঘাট জিলা কংগ্ৰেছ সভাপতিৰ ৷ সৰু পথাৰত বাহৰ পাতি থকা মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মাক গোপনে সাক্ষাৎ কৰি দাদু টায়ে পিন্ধালে মিচিং পৰম্পৰাগত বস্ত্ৰ ৷

ইয়াৰ লগে লগে স্পষ্ট হৈ পৰিল ইজনৰ পাছত সিজনকৈ কংগ্ৰেছীয়ে এতিয়াৰ গেৰুৱাবসন পিন্ধিবলৈ সাজু ৷ এনে প্ৰেক্ষাপটত দলৰ ভিতৰত থাকি গোপনে শাসক দলৰ স’তে গোপন মিতিৰালি গঢ়ি তোলা ছদ্মবেশী কংগ্ৰেছীক নাকী লগাবলৈ এপিচিচি সক্ষম হ’বনে ৷ সেইয়া আগন্তুক দিনত হ’ব লক্ষণীয় ৷

Exit mobile version