HSLC Examinations Will Start Tomorrow Across The Assam:কাইলৈৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

এইবাৰ পৰীক্ষাত পৰিৱৰ্তন কৰা হৈছে ৪টাকৈ বিষয়, ছেবাই নিৰ্ধাৰিত কৰা সময়ৰ দহমিনিটৰ পূৰ্বে পৰীক্ষাৰ্থী প্ৰৱেশ কৰিব লাগিব কেন্দ্ৰত

sema

HSLC Examinations Will Start Tomorrow Across The Assam:

কাইলৈৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ আনহাতে পৰীক্ষা অন্ত পৰিব অ ৪ মাৰ্চত । ৰাজ্যৰ মুঠ ৯১৩টা কেন্দ্ৰত আয়োজিত মেট্ৰিক পৰীক্ষাত মুঠ ৪,২৭,৯২২ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছে ৷

উল্লেখ্য যে, মেট্ৰিক পৰীক্ষাত এইবাৰ ছেবাই কেতবোৰ গুৰুত্বপূৰ্ণ নিয়ম সংযোজন কৰিছে ৷ সেই অনুসৰি এইবাৰ পোন প্ৰথমবাৰৰ বাবে পৰীক্ষাৰ্থীয়ে অ’এম আৰ’ শ্বিট(OMR Sheet)ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছে ৷

সৰ্বমুঠ ৪ টাকৈ বিষয় ক্ৰমে গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত পৰীক্ষাৰ্থীয়ে অ’এম আৰ’ শ্বিটতে উত্তৰ দিব লাগিব ৷ উল্লিখিত চাৰিটাকৈ বিষয়ত ৪৫টা ১ নম্বৰৰ প্ৰশ্ন থাকিব আৰু সুকীয়া এখন উত্তৰ বহীত পৰীক্ষাৰ্থীয়ে ৪৫ নম্বৰৰ দীঘল প্ৰশ্নৰ উত্তৰ লিখিব লাগিব।

এই নতুন নিয়ম অনুসৰি গণিত, সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান, ইংৰাজী বিষয়ত ৯০ নম্বৰৰ প্ৰশ্নৰ উত্তৰ ৪৫ নম্বৰকৈ দুখনকৈ সুকীয়া শ্বীটত উত্তৰ সমূহ লিখিব লাগিব পৰীক্ষাৰ্থীয়ে ।

উল্লেখ্য যে,মেট্ৰিক পৰীক্ষাৰ্থী সকলে নতুন নিয়ম জানিব পৰাকৈ তেওঁলোকৰ এডমিট কাৰ্ডত ছেবাই সকলো বৰ্ণন কৰিছে ৷ আনহাতে ছেবাই ইতিমধ্যে নিৰ্ধাৰণ কৰি দিয়া পুৱা ৯ বজাতকৈ দহ মিনিটৰ আগতে ৮-২০ মিনিটৰ সময়সীমাৰ ভিতৰত পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’ব লাগিব পৰীক্ষাৰ্থী ৷

পিছবেলাৰ পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীয়ে ১-৩০ মিনিটৰ নিৰ্ধাৰিত সময়তকৈ দুপৰীয়া এক বজাৰ ভিতৰত উপস্থিত থকাটো বাঞ্ছনীয় কৰিছে ছেবাই ৷

Exit mobile version