Prisoner Escapes From Hospital In Dhubri:ধুবুৰীত চিকিৎসালয়ৰ পৰা পলায়ন কয়দীৰ

১০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছিল কয়দী গুলজাৰ নামৰ পলাতক কয়দীজন

dhubri

Prisoner Escapes From Hospital In Dhubri:

আৰক্ষীৰ চকুত ধূলি দি পলায়ন কাৰাবন্দীৰ ৷ ড্ৰাগছৰ গোচৰত বৰ্তমান ধুবুৰী কাৰাগাৰত কাৰাবন্দী হৈ থকা গুলজাৰ উদ্দিন আহমেদ নামৰ কয়দীজনক নিয়মমাফিক চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসালয়লৈ অনা হৈছিল ৷

কিন্ত চিকিৎসালয়ৰে পৰা অতি কৌশলৰে পলায়ন কৰে কাৰাবন্দী কয়দীজনে ৷ উল্লেখ্য যে, ড্ৰাগছ সৰবৰাহ এক গোচৰত গুলজাৰক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছিল ধুবুৰী আদালতে ৷

আনহাতে,পলায়ন কৰা কয়দী গুলজাৰ উদ্দিনৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান

Exit mobile version