News That The Question Paper Went Viral Is False:মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল হোৱা বাতৰিটো ভুৱা: শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

ranoj pegu 1

News That The Question Paper Went Viral Is False:

আজিৰ পৰা আৰম্ভ হোৱা মেট্ৰিক পৰীক্ষাত কাছাৰৰ এটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা আৰম্ভ হোৱাৰ আধাঘণ্টাৰ পিছতো ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত চ’ছিয়েল মেডিয়াত ভাইৰেল হোৱা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

সামাজিত মাধ্যম ‘এক্স’ত এটা পোষ্টযোগে প্ৰশ্নকাকত ফাদিলৰ বাতৰিটো ভুৱা বুলি উল্লেখ কৰি কয় যে, ‘কাছাৰ জিলাত মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত লিক হোৱাৰ সম্পৰ্কত বিভিন্ন মাধ্যমত প্ৰতিবেদন আকাৰত যি বাতৰি কৰিছে সেইয়া সম্পূৰ্ণ ভুৱা।

অৱশ্যে সংশ্লিষ্ট কৰ্তৃপক্ষক এই বাতৰিৰ উৎপত্তিৰ উৎস অনুসন্ধান কৰিব দিয়া হৈছে ৷ পৰৱৰ্তী সময়ত এই সমস্ত তথ্য পোহৰলৈ আহিলেই আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷
উল্লেখ্য যে, আজি পুৱাৰে পৰা আৰম্ভ হোৱা মেট্ৰিক পৰীক্ষাৰ ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত পৰীক্ষা অনুষ্ঠিত হোৱা আধাঘণ্টাৰ পিছতে হোৱাতচআপত ভাইৰেল হৈ পৰা সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত বাতৰি পৰিবেশিত হয় ৷

কাছাৰৰ বাশকান্দি নেনা মিয়া উচ্চতৰ মাধ্যমিকহবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰাই প্ৰশ্নকাকত খন ফাদিল হোৱা আৰু এই কাৰ্য পৰীক্ষা কেন্দ্ৰত নিয়োজিত এজন শিক্ষকৰ দ্বাৰাই হৈছিল বুলি অভিযোগ উদ্থাপিত হয় ৷

আনহাতে পুৱাৰে পৰা সম্প্ৰচাৰিত বাতৰি সন্দৰ্ভত শিক্ষামন্ত্ৰী গৰাকীৰ পৰা সাংবাদিকে প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ স্পষ্টমত ,এই সম্পৰ্কত তদন্ত কৰিব দিয়া হৈছে । ইপিনে শিক্ষামন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছত সংশ্লিষ্ট কেন্দ্ৰটোত জিলা প্ৰসাসনৰ জ্যেষ্ঠ বিষয়া আৰু এছ পি উপস্থিত হৈ ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰি নিশ্চিত হয় যে, দৰাচলতে প্ৰশ্নকাকত লিকৰ বাতৰিটো ভুৱা

কোনো দুষ্টচক্ৰই কোনো উৎসৰ অৱতাৰণা নকৰাকৈ ৰাইজক মাজত এক ভ্ৰান্ত প্ৰচাৰ চলাইছে ৷ এই সংক্ৰান্তত আৰক্ষীয়ে সোধপোছৰ বাবে কেইজনমানক তলৱ কৰি জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version