Russia Claims To Develop Cancer Vaccine:কর্কটৰ প্রতিষেধক তৈয়াৰৰ দাবী ৰাছিয়াৰ: পুটিনৰ ঘোষণাত চাঞ্চল্য

putin

Russia Claims To Develop Cancer Vaccine:

কৰ্কট ৰোগৰ প্রতিষেধক তৈয়াৰৰ ক্ষেত্ৰত ৰাছিয়াই বিশেষ সফলতা লাভ কৰা বুলি দাবী কৰিলে দেশখনৰ বাষ্ট্রপতি ভ্লাডিমীৰ পুটিনে। ৰুছ ৰাষ্ট্রপতিয়ে কৰা দাবী অনুসৰি, ৰাছিয়াই অতি শীঘ্রে এই প্রতিষেধক কর্কট ৰোগীৰ বাবে সহজলভ্য কৰি তুলিব।

মস্কো ফ’ৰামত বক্তৃতা দিয়াৰ সময়ত পুটিনে এই কথা সদৰী কৰি ক’লে, ‘আমি নতুন প্রজন্মৰ তথাকথিত কর্কট প্রতিষেধক আৰু ইমিউন’ম’ ভুলেটৰী সৰব প্রস্তুত কৰাৰ নিচেই সমীপত। আশা কৰোঁ, শীঘ্রেই এই প্রতিষেধকে কার্যকৰী হিচাপে ৰোগীৰ চিকিৎসা পদ্ধতিত ব্যৱহাৰ হ’ব।’

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, হিউমেন পেপিলমা ভাইৰাছ (এইচপিভি)ৰ বিৰুদ্ধে বর্তমানে ঘটাকৈ অনুজ্ঞপপ্রাপ্ত প্রতিষেধক আছে। এইচপিভিয়ে জৰায়ুমুখৰ কৰ্কটসহ বিভিন্ন ধৰণৰ কৰ্কটৰ সৃষ্টি কৰে। একেদৰে হেপাটাইটিছ ‘বি’ৰ বিৰুদ্ধেও প্রতিষেধক আছে, যাৰ ফলত যকৃতৰ কর্কট হ’ব পাৰে। পুটিনে অৱশ্যে ৰাছিয়াই তৈয়াৰ কৰা প্রস্তাৱিত প্রতিষেধকে কি কি কর্কট ৰোগ প্ৰতিৰোধ কৰিব সেই বিষয়ে কোনো তথ্য সদৰী কৰা নাই।

Exit mobile version