Terrible Incident In Dibrugarh Central Jail:ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ভয়ংকৰ ঘটনা

এনএছএছৰ অধীনত কাৰাবন্দী খালিস্তানী বিচ্ছিন্নতাবাদী অমৃতপাল সিঙৰ চেলত উদ্ধাৰ বৃহৎ পৰিমানৰ চিম কাৰ্ড ,টিভি ৰিমট স্পাই কেম, জেলৰ পৰাই খালিস্তানীয়ে ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ অব্যাহত ৰখাৰ সন্দেহ আৰক্ষীৰ

khalisthani

Terrible Incident In Dibrugarh Central Jail:

ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ভয়ংকৰ ঘটনা। এনএচ এ আইনৰ অধীনত কাৰাবন্দী হৈ থকা খালিস্তানী উগ্ৰপন্থী অমৃত পাল সিঙৰ থকা চেলত জে’ল কৰ্মচাৰীয়ে অৰ্তকিতে অভিযান চলাই উদ্ধাৰ কৰে বুজন পৰিমাণৰ ছিমকাৰ্ড, টিভিৰ ৰিম’ৰ্ট, স্পাই কেমেৰাকে ধৰি কেতবোৰ সন্দেহযুক্ত সামগ্ৰী। সন্দেহ কৰা মতে কাৰাৰুদ্ধ হৈ থকাৰ পাছতো জে’লৰ পৰাই খালিস্তানী বিচ্ছিনতাবাদীয়ে অব্যাহত ৰাখিছিল ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ

স্মতৰ্ৱ্য যে, যোৱা বছৰ ২৩ এপ্ৰিলত পঞ্জাৱত গ্ৰেপ্তাৰ হৈছিল দুৰ্ধৰ্ষ খালিস্তানীপন্থী অমৃতপাল সিঙ ৷ সুৰক্ষাজনিত কাৰণত পঞ্জাৱ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনীয়ে অমৃতপাল সিঙ সহ তেওঁৰ আন দহজন খালিস্তানীপন্থী বিচ্ছিন্নতাবাদীক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হয় ৷ তেতিয়াৰে পৰা কাৰাৰুদ্ধ হৈ আছে এনএছএ চেলত ।

কিন্ত শেহতীয়াকৈ কুখ্যাত খালিস্তানীজনৰ চেলত ইমানবোৰ ছিমকাৰ্ড, টিভিৰ ৰিম’ৰ্ট, স্পাই কেমেৰাকে ধৰি আপত্তিজনক সামগ্ৰী

 

মজুত থকাক লৈ বিভিন্ন প্ৰশ্নৰ উদয় হৈছে ৷কোনে কেনেকৈ জেলৰ ভিতৰলৈ যোগান ধৰিলে এই সামগ্ৰী সমূহ ৷ জেলৰে কোনো কৰ্মচাৰী বা বিষয়া পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত হৈ আছে নেকি ৷

এনে ঘটনাক্ৰমৰ মাজতে জেলৰ ভিতৰত চলি থকা অকৰ্তৃত্বশীল ব্যৱস্থাৰ নগ্নৰূপ উদঙাই স্বয়ং অসম আৰক্ষীৰ ডিজিপি জি পি সিঙে নিজৰ এক্সত জব্দকৃত সামগ্ৰী সমূহ সহ টুইট কৰিছে ৷ সিঙে টুইটাৰত উল্লেখ কৰে যে ,ইতিমধ্যে ডিব্ৰুগড় জে’লৰ বহি:বিভাগত চিচিটিভি লগোৱা আৰু ঘটনাৰ তদন্ত ক্ষীপতাৰে অব্যাহত আছে ৷

Exit mobile version