HSLC Exam 2024 :মেট্ৰিক পৰীক্ষাত পুনৰ বিসংগতি

পৰীক্ষা আছিল সমাজ বিজ্ঞানৰ, প্ৰশ্নকাকত আহিল সাধাৰণ বিজ্ঞানৰ, পৰীক্ষা কেন্দ্ৰত হাহাকাৰ

kokrajhar

HSLC Exam 2024 :

মেট্ৰিক পৰীক্ষাৰ বিসংগতিয়ে যেন লগ নেৰা হৈছে ছেবাক ৷ পৰীক্ষা আৰম্ভ হোৱাৰ পৰা দিনাৰ পৰা নানাত বিসংগতিয়ে দেখা দিছে প্ৰশ্নকাকত বিতৰণক লৈ ৷ ক’ৰবাত যদি ইংৰাজী বিষয়ৰ পৰীক্ষা প্ৰশ্নকাকত আহিল অসমীয়াৰ ৷

১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা মেট্ৰিক পৰীক্ষা অন্ত পৰিব ৪ মাৰ্চত ৷ ৰাজ্যৰ ৯১৩ টা কেন্দ্ৰত মুঠ ৪,২৭,৯২২ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছে মেট্ৰিক পৰীক্ষাত ৷

উল্লেখ্য যে,পৰীক্ষা আৰম্ভ হোৱা প্ৰথম দিনটোত পশ্চিম কাৰ্বি আংলং জিলাৰ হাবাইপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত পৰিৱৰ্তে প্ৰশ্নকাকত আহিল অসমীয়া । যাৰবাবে পৰীক্ষা এঘণ্টা পলমকৈ অনুষ্ঠিত হৈছিল ৷

আজিও পুনৰ সেই একেই বিসংগতি হয় । সমাজ বিজ্ঞানৰ সলনি সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত বিতৰণ হয় ৷ কোকৰাঝাৰৰ ডি এন  হিমৎসিংকা হাইস্কুলত সংঘটিত হয় এই বিসংগতি । আজি আছিল সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা আৰু ২৭ ফেব্ৰুৱাৰী আছিল সাধাৰণ বিজ্ঞানৰ পৰীক্ষা।

ইতিমধ্যে কোকৰাঝাৰৰ ডি এন হিমৎসিংকা হাইস্কুলত সংঘটিত হোৱা বিসংগতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

Exit mobile version