Assam Police Makes Massive Reshuffle:অসম আৰক্ষীত ব্যাপক ৰদ-বদল

janata bhawan 1

Assam Police Makes Massive Reshuffle:

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰটা মাহ থকা অৱস্থাত অসম চৰকাৰৰ গৃহ  বিভাগে অসম আৰক্ষীত ব্যাপক ৰদ-বদলৰ নিৰ্দেশনা জাৰি কৰে ৷

সেই অনুসৰি যোৰহাটৰ আৰক্ষী অধীক্ষক মোহন লাল মীনাক বঙাইগাঁৱলৈ বদলি কৰাৰ বিপৰীতে বঙাইগাঁৱৰ এছ পি স্বপ্ননীল নাথক বৰপেটালৈ বদলি ৷

আনহাতে,গোৱালপাৰাৰ এছ পি ভি ভি ৰাকেশ ৰেণ্ডীক ডিব্রুগড়লৈ বদলি ৷ একদৰে কামৰূপ গ্ৰাম্যৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ক ধেমাজিলৈ বদলি কৰাৰ বিপৰীতে ধেমাজিৰ ৰঞ্জন ভূঞাক কামৰূপ গ্ৰাম্যৰ এছ পি হিচাপে বদলি কৰে ৷

গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তালয়ৰ পূব জিলাৰ ডিচিপি অক্ষত গাৰ্গক ৰে’লৱেৰ এচ পি ৰূপে দায়িত্ব দিয়া হয় ৷ আনহাতে পূব আৰক্ষী জিলাৰ নতুন ডিচিপি ৰূপে দায়িত্ব ল’ব শদিয়াৰ এছ পি মৃণাল ডেকাই ৷

আনপিনে,ডিব্ৰুগড়ৰ এছ পি শ্বেতাংগ মিশ্রক যোৰহাটলৈ বদলি কৰাৰ বিপৰীতে তামুলপুৰৰ এছ পি পংকজ যাদৱক বৰপেটালৈ বদলি কৰা হয় ৷ ১৬ নং অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক অৰ্ণৱ ডেকাক বদলি কৰি ১৭নং এপিবিএনৰ অধিনায়ক ৰূপে নিয়োজিত কৰা হয় ৷

বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাক এআইজিপি এডমিন হিচাপে বদলি কৰা হয় ৷

Exit mobile version