Sasal Rjahua Namghar Estd Celebration:চচল ৰাজহুৱা নামঘৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন

ভাগৱত ভ্ৰমণ আৰু নাম-প্ৰসংগৰে মুখৰিত মহানগৰীৰ চচল

bhagabhat sobhayatra 1

Sasal Rajahua Namghar Estd Celebration:

মঙলবাৰে মহানগৰীৰ মহাপুৰুষ মাধৱদেৱ পথ , চচলত অৱস্থিত চচল ৰাজহুৱা নামঘৰত নাম-কীৰ্তন , ভাগৱত পাঠ আৰু ব্যাখ্যা , ভাগৱত পৰিভ্ৰমণ আদি দিনযোৰা কাৰ্য্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ চচল ৰাজহুৱা নামঘৰৰ সভাপতি ড° নৱ নাহৰ ডেকা আৰু সম্পাদক নব কুমাৰ মুদৈৰ নেতৃত্বত চচল অঞ্চলৰ আই-মাতৃ আৰু বাপ-বান্ধৱসকলে খোল-তাল , দবা, বৰকাঁহ হৰিনাম কীৰ্তনেৰে মুখৰিত হৈ চছল অঞ্চলৰ প্ৰতি গৃহস্থৰ পদুলিয়ে-পদুলিয়ে পৰিভ্ৰমণ কৰে আৰু গৃহস্থসকলে ধুপ-নৈবদ্যৰে সেৱা আগবঢ়াই ভাগৱতৰ আশীৰ্বাদ গ্ৰহণ কৰে ৷

ভাগৱত ভ্ৰমণ যাত্ৰাৰ পিছতে নামঘৰত একত্ৰিত হৈ নাৰায়ন পাঠক বাপৰ ভাগৱত পাঠ আৰু ব্যাখ্যাৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে ৷ বাপদেৱৰ অতি সাৱলীল কণ্ঠেৰে ভাগৱত গীতাৰ পাঠ আৰু ব্যাখ্যাৰে উপস্থিত সকলোকে মোহাচ্ছন্ন কৰি তোলে ৷ ভাগৱত ব্যাখ্যাৰ সমান্তৰালভাৱে আই- মাতৃ আৰু বাপ-বান্ধৱসকলৰ সমূহীয়া নাম-প্ৰসংগৰে নামঘৰত এক ওখল-মাখল পৰিবেশৰ সৃষ্টি কৰে। ভক্তি ৰসত আপ্লুত হৈ উপস্থিতসকলে প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী আকৰ্ষণীয় কৰি তোলে ৷

এই অনুষ্ঠানত অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰ , অৱসৰপ্ৰাপ্ত কৃষি বিজ্ঞানী ড: মিনেশ্বৰ হাজৰিকা, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত উপায়ুক্ত ভুপেন্দ্ৰ নাথ দাস আদি ব্যক্তিসকলৰ লগতে ঐতিহ্যমণ্ডিত হৰিশিঙা সত্ৰৰ ভকত-বৈষ্ণৱসকল আৰু বৃহত্তৰ চচল অঞ্চলৰ দ্বিশতাধিক ভক্তিপ্ৰাণ ৰাইজে অংশ গ্ৰহণ কৰি অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে ৷ সন্ধিয়া নামঘৰৰ চৌহদত বন্তি প্ৰজ্বলনেৰে দিনযোৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সফল সামৰণি পৰে ৷

Exit mobile version