Three usurer arrested in Hajo:সুদখোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰস্থিতি পাছতে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান অব্যাহত

হাজোত গ্ৰেপ্তাৰ তিনি সুদখোৰ

HAJO

Three usurer arrested in Hajo:

সুদ খোৰৰ কবলত পৰি ইতিমধ্যে ৰাজ্য কে’বা গৰাকী ব্যৱসায়ীয়ে আত্মহনণৰ দৰে চৰমপন্থা বাছি লোৱাৰ দৰে কৰুণ ঘটনা পোহৰলৈ অহাৰ পাছতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই সুদখোৰৰ বিৰুদ্ধে কঠোৰস্থিতি লোৱাৰ পাছতে তৎপৰ হৈ পৰে অসম আৰক্ষী ৷

ইতিমধ্যে ৰাজ্যজুৰি আৰক্ষীৰ অভিযানত জাকে জাকে সুদখোৰ ৰঙাঘৰৰ আলহী হৈছে ৷ এইবাৰ হাজোতো চলিল সুদ খোৰৰ বিৰুদ্ধে মাৰাথন অভিযান । হাজো আৰক্ষী বিষয়া নবজিত নাথৰ নেতৃত্বত চলা অভিযানত নগদ ধন সহ আটক কৰিবলৈ সক্ষম তিনি জনকৈ সুদ খোৰক।

হাজোৰ নতুন চড়াবড়ীৰ পৰা দুজন আৰু খপনিকুচি গাঁওৰ পৰা এজনক আটক কৰিছে হাজো আৰক্ষীয়ে। ধৃত সুদখোৰ তিনিটা হ’ল মজিবৰ ৰহমান তাইজুদ্দিন আলী আৰু আজিজুৰ ৰহমান ৷

উল্লেখ্য যে,তীৰ্থ নগৰী হাজোত দীৰ্ঘদিন ধৰি সুদখোৰে সুদত টকা দি বিভিন্ন জনৰ পৰা ধন ঘটি আহিছিল ৷ আনহাতে সময়মতে সুদসহ ধন পৰিশোধ কৰিব নোৱাৰা লোকসকলক নানান ভাবুকিৰে মাটি- বাৰি, সোণৰ গহনা আৰু সম্পত্তি বলপূৰ্বক কাঢ়ি নিয়াৰ দৰে ঘটনা সংঘটিত কৰি আহিছিল । যাৰবাবে এজন লোকে আত্মহননৰ দৰে চৰম পন্থা বাচি লৈছিল ৷ এই সন্দৰ্ভত বাতৰি পৰিবেশিত হৈ গৈছিল ।

কিন্ত শেহতীয়াকৈ ৰাজ্য চাৰকাৰৰ নিৰ্দেশত অসম আৰক্ষীয়ে সুদখোৰৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাত সচেতন মহলে আদৰণি জনাইছে ৷

Exit mobile version