Various diseases, Various Medicines:নানা ৰোগ, নানা ঔষধ !

medicine

Various diseases, Various Medicines:

বয়স বৃদ্ধিৰ লগে লগে শৰীৰত বাহ ল’বলৈ ধৰে নানা ধৰণৰ ৰোগে। ফলত বয়স্ক লোকৰ ঘৰ ভৰি পৰে। হৰেক ৰকমৰ ঔষধে। এক এক বিধ ৰোগৰ বাবে এক এক বিধ ঔষধ। কোনো ৰোগৰ ঔষধে আন ৰোগৰ ক্ষেত্রত কোনো প্রতিক্রিয়া কৰিছে নেকি? আধুনিক জীৱনশৈলী, পৰিৱৰ্তিত খাদ্যাভ্যাস, খাদ্যত ভেজাল, প্ৰদূষিত প্রকৃতি এইবোৰ কাৰণতে প্রতিদিনেই পোনপটীয়া প্ৰভাৱ পৰিছে শৰীৰত।

বাহ লৈছে হেজাৰ ৰোগে। উচ্চ ৰক্তচাপ, মধুমেহ, তেজত চৰ্বিৰ আধিক্য, তাৰ লগতে হয়তো হৃদৰোগ বা স্নায়ুৰ সমস্যা। কাৰোবাৰ আকৌ থাইৰয়েডৰ সমস্যা, কোনোবাই সেৱন কৰিছে মানসিক হতাশাৰ ঔষধ। যি কোনো সময়তে কাৰোবাক লাগিব পাৰে এন্টিবায় টিক, বিষ বা এলাৰ্জিৰ ঔষধ। নানা ৰোগৰ নানা ঔষধ। কিন্তু বিশেষজ্ঞৰ মতে, একেলগে বিভিন্ন ঔষধ সেৱন কৰিলে ইটোৱে সিটোৰ যিদৰে কাৰ্যকাৰিতা হ্রাস কৰে, সেইদৰে বৃদ্ধিও কৰিব পাৰে।

ইয়াক কোৱা হয় ড্রাগ ইণ্টাৰ-একছন। অধিকাংশ ঔষধৰ হজম যকৃতত আৰু নিষ্কাষণ বৃক্কত হয়। বিশেষজ্ঞৰ মতে, একেলগে তেজত চর্বি কমোৱাৰ ঔষধ আৰু ভেকুঁৰৰোধ কৰা ঔষধ সেৱন কৰিলে চৰ্বি আৰু ঔষধৰ পাৰ্শ্বপ্রতিক্রিয়া বৃদ্ধি পাব পাৰে। আকৌ কিছু এন্টিবায়’ টিক আছে, যিবোৰ হৃদৰোগৰ ঔষধৰ স’তে সেৱন নকৰাই ভাল।

সেইদৰে থাইৰয়েডৰ ঔষধৰ স’তে আন কিছুমান ঔষধ সেৱন কৰিলে থাইৰয়েডৰ ঔষধৰ কাৰ্যকাৰিতা কমি যাব পাৰে। সেয়ে চিকিৎসকৰ পৰামৰ্শ অবিহনে একে সময়তে বিভিন্ন ৰোগৰ ঔষধ সেৱন কৰা একেবাৰে অনুচিত। কোনো ৰোগৰ বাবে ঔষধ সেৱন কৰি থকা অৱস্থাতে আন কোনো ৰোগৰ বাবে চিকিৎসকৰ কাষ চাপিলে তেওঁক কি কি ঔষধ সেৱন কৰি আছে সেয়া নক’লে বিপদ হ’ব পাৰে ৷

Exit mobile version