Director of Higher Education Has Suspended the President of the College Teachers Association:কৰ্তব্যত অৱহেলা আৰু টিউটৰ নিযুক্তিৰ বাবেই নিলম্বন হ’ল কলেজ শিক্ষক সংস্থাৰ সভাপতি ড: জয়ন্ত বৰুৱা

jyanta barua

Director of Higher Education Has Suspended the President of the College Teachers Association:

নিজ কৰ্তব্যত অৱহেলা আৰু পিছ দুৱাৰেদি টিউটৰ নিযুক্তি দি নিলম্বন হ’ল অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি ড:জয়ন্ত বৰুৱা ৷

অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক পমী বৰুৱাই তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰে ড:বৰুৱাক ৷

উল্লেখ্য যে, জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড: জয়ন্ত বৰুৱাৰ বিৰুদ্ধে আছে কেতবোৰ গুৰুত্বৰ অভিযোগ ৷

উদ্থাপিত অভিযোগ অনুসৰি ,অসম কলেজ শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক ৰূপে নিয়োজিত হৈ থকাৰ সময়ত ড: জয়ন্ত বৰুৱাৰ প্ৰায়ে শ্ৰেণী কোঠাত পাঠদানৰ বিৰত আছিল ৷ ইয়াৰ বিপৰীতে তেওঁ নীতিবহিভূতভাৱে নিয়োগ কৰিছিল এজন টিউটৰ।

মনকৰিবলগীয়া যে,ড: জয়ন্ত বৰুৱাই টিউটৰ নিয়োজিত কৰাৰ ক্ষেত্ৰত কোনো অনুমতি বা অনুমোদন লোৱা নাছিল কলেজৰ অধ্যক্ষ তথা পৰিচালনা সমিতিৰ ৷

উল্লেখ্য যে,ত্যাগবীৰ হেম বৰুবা মহাবিদ্যালয়ৰ অধ্যক্ষই তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে ড: বৰুৱাৰ সমস্ত কৰ্মকাণ্ড পোহৰলৈ আনি সকলো তথ্য ইতিপূৰ্বে উচ্চ শিক্ষা সঞ্চালকালয়লৈ প্ৰেৰণ কৰিছিল ৷

আনকি ড: বৰুৱাৰ সমস্ত কৰ্মকাণ্ড সন্দৰ্ভত সংবাদ মাধ্যমত বিস্তাৰিতভাৱে বাতৰি পৰিবেশন হৈছিল ৷ শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৱে তদন্ত কৰিবলৈ উচ্চ শিক্ষা সঞ্চালকালয়কক দায়িত্ব দিছিল । অৱশেষত উচ্চ শিক্ষা সঞ্চালকালয়ে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ড: জয়ন্ত বৰুৱাক চাকৰিৰ পৰা নিলম্বন কৰে ৷

Exit mobile version