Kamalakhya Dey Purkayastha:কংগ্ৰেছৰ বিধায়িনী দলত দুটা লবী আছে: কমলাক্ষ দে’ পুৰকায়স্থ

kamalkhya

Kamalakhya Dey Purkayastha:

বিৰোধী কংগ্ৰেছত থাকিও চৰকাৰক সমর্থন জনাব বুলি ঘোষণা কৰাৰ পাছত বৃহস্পতিবাৰে বিধানসভাত প্রবেশ কৰে কমলাক্ষ্য দে পুৰকায়স্থবিধায়কজনক এই পর্যন্ত কংগ্রেছে কেৱল কৈফিয়ৎ তলবহে কৰিছে।

গতিকে চৰকাৰক সমর্থন জনালেও পুৰকায়স্থই আজি বিধানসভাৰ নিজৰ আসনতে বহে। তেওঁৰ আসন হ’ল কংগ্ৰেছৰ বিধায়কসকলৰ দ্বিতীয় শাৰীত। বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু জ্যেষ্ঠ বিধায়ক ভৰত নৰহৰ পাছতে পুৰকায়স্থৰ আসন। উল্লেখ্য যে,বুধবাৰে সদনত উপস্থিত নাছিল বিধায়ক বসন্ত দাস ৷ কিন্ত বৃহস্পতিবাৰে পূৰ্বৰ আসনে বহে দাসে ৷

আজি ঘটনাক্ৰমে দুই কংগ্ৰেছী বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থ আৰু বসন্ত দাসে তেওঁলোকৰ বাবে সুকীয়া আসনৰ ব্যৱস্থা কৰিবৰ বাবে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক অনুৰোধ জনায় ৷

আনহাতে দুই কংগ্ৰেছী বিধায়কে মুকলিকৈ মুখ্যমন্ত্ৰীক সমৰ্থন কৰাৰ কথা ঘোষণা কৰাৰ পাছতে খড়গগ্ৰস্ত হৈ পৰে এপিচিচি ৷ দুই এদিনৰ ভিতৰতে কংগ্ৰেছী বিধায়নী দলে দুই বিধায়কৰ বিধায়ক পদ খাৰিজৰ বাবে অধ্যক্ষক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে,ইয়াৰ পূৰ্বে দুই নিলম্বিত কংগ্ৰেছী বিধায়ক ক্ৰমে শশীকান্ত দাস আৰু শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজৰ বাবে অধ্যক্ষক কংগ্ৰেছ বিধায়নী দলৰ পৰা পত্ৰ দিয়া হৈছিল যদিও সুদীৰ্ঘ সময় কোনো ব্যৱস্থা নোহোৱাকৈ বিষয়টো ওলমি থাকিল ৷ আজিও দুই বিধায়ক কংগ্ৰেছৰ পক্ষত নাই বৰং কংগ্ৰেছ বিৰোধী মন্তব্য দি আহিছে সময়ে সময়ে ৷

আনহাতে আজি বিধানসভা চৌহদত পুনৰ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈ পৰে কমলাক্ষ দে’ পুৰকায়স্থ ৷ তেওঁ কয়, কংগ্ৰেছৰ বিধায়িনী দলত দুটা লবী আছে ৷

এটা লবীৰ নেতৃত্ব বহন কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷ তেওঁৰ লবীত প্ৰায়সংখ্যক সংখ্যালঘু বিধায়ক আছে ৷ তেওঁলোক হ’ল নুৰুল হুদা, আলমৰ দৰে বিধায়ক সকল ৷

আনহাতে কংগ্ৰেছী বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ সন্দৰ্ভত তাংপৰ্যপূৰ্ণ মন্তব্য কৰি পুৰকায়স্থ কয়,দেৱব্ৰত শইকীয়ালৈ মোৰ বেয়াই লাগে, তেওঁৰ কথা কোননোৱে নুশুনে ৷ অৱশ্যে মই থাকোঁতে অলপ মাত মাতিছিলো, এতিয়া কোনেও নামাতে ৷

কংগ্ৰেছ বিধায়িনী দলে তেওঁৰ বিধায়ক পদ খাৰিজৰ বাবে সাজু হৈছে বুলি সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত কমলাক্ষ দে’ পুৰকায়স্থ উস্মাৰে কয়, বিধায়ক পদ খাৰিজ হ’লে আকৌ নিৰ্বাচন খেলিম আৰু বিপুল ভোটত জয়ী হ’ম ৷

Exit mobile version