APSC:প্রার্থীয়ে লৈ যাব পাৰিব প্ৰাৰম্ভিক পৰীক্ষাৰ OMRৰ প্ৰতিলিপি:অসম লোকসেৱা আয়োগ

apsc 1

APSC:

অসম লোকসেৱা আয়োগে পৰীক্ষা প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ অংশ হিচাপে পোন প্ৰথমবাৰৰ বাবে সমাগত সংযুক্ত প্রতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা, ২০২৩ত OMRৰ সৈতে প্রতিলিপি উপলব্ধ কৰিব।

OMRৰ মূল কপিটোৰ ৰং ‘ৰঙা’ আৰু প্ৰতিলিপিৰ ৰং (প্রার্থীৰ কপি) ‘নীলা’ হ’ব। প্রতিলিপিখন বিচ্ছিন্ন কৰিব পৰাকৈ ছিদ্রযুক্ত ৰেখা থাকিব। মূল কপিটোৰ সংশ্লিষ্ট ক্ষেত্রসমূহত প্রার্থীসকলৰ উত্তৰ আৰু বাধ্যতামূলক প্রয়োজনীয় তথ্যসমূহ প্রতিলিপিত প্রতিফলিত হ’ব।

পৰীক্ষা সমাপ্ত হোৱাৰ পিছত পৰীক্ষার্থীয়ে মূল কপিটো (ৰঙা ৰঙৰ) নিৰীক্ষকক জমা দিব লাগিব আৰু প্রতিলিপিটো (নীলা ৰঙৰ) নিজৰ লগত লৈ যাব লাগিব। আয়োগে উক্ত পৰীক্ষাৰ উত্তৰসমূহ ৱেবচাইটত উপলব্ধ কৰাৰ পিছত প্রার্থীসকলে প্রতিলিপিৰ (নীলা ৰঙৰ) সহায়ত নিজৰ নিজৰ উত্তৰসমূহ পৰীক্ষা আৰু সংৰক্ষণ কৰিব পাৰিব।

প্রার্থীসকলে মনত ৰাখিব লাগিব যে কেৱল মূল কপিহে (ৰঙা ৰঙৰ) নিৰীক্ষকৰ হাতত জমা দিব লাগিব। মূল কপিৰ (ৰঙা ৰঙৰ) পৰিৱর্তে প্রতিলিপি (নীলা ৰঙৰ) জমা দিয়া প্রার্থীসকলৰ ফলাফল মূল্যায়ন কৰা নহ’ব।

এই ব্যৱস্থাৰ প্ৰৱর্তনে সমগ্ৰ পৰীক্ষা ব্যৱস্থাটোত স্বচ্ছতা অনাই নহয় পৰীক্ষাৰ্থীসকলৰ মনত উদয় হ’ব পৰা বিভিন্ন সন্দেহ তথা বিভ্রান্তি আদি দূৰ কৰাটো নিশ্চিত কৰিব ৷

Exit mobile version