Bir Chilarai play is staged at Lachitghat:প্ৰজ্ঞাৰ প্ৰযোজনাত, পূৰ্ণিমা পাঠক শইকীয়াৰ নাট্যৰূপ , পৰিকল্পনা আৰু পৰিচালনাৰে নয়নজ্যোতি ভট্টাচাৰ্যৰ গ্ৰন্থৰ আধাৰত ৰচিত নাট বীৰ চিলাৰায় মঞ্চস্থ

২৪ আৰু ২৫ ফেব্ৰুৱাৰীত মহানগৰীৰ লাচিতঘাটত মঞ্চস্থ

beer cilarai

Bir Chilarai play is staged at Lachitghat:

সমৰ অবিস্মৰণীয় মহাবীৰ, সাহিত্য-কলাৰ পৃষ্ঠপোষক কোঁচ ৰাজবংশীয় প্ৰৰাক্ৰমি যোদ্ধা চিলা ৰায় জন্ম দিন উপলক্ষে ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত ‘প্ৰজ্ঞা’ ৰ উদ্যোগত মহানগৰীৰ মাছখোৱাৰ সমীপত ব্ৰহ্মপুত্ৰৰ বুকুত এক বিশাল আয়োজনেৰে মঞ্চস্থ কৰিব ঐতিহসিক নাটক ”বীৰ চিলাৰায় ” ।

যশস্বী অভিনেত্ৰী পূৰ্ণিমা পাঠক শইকীয়াই পৰিচালনা কৰা নাটকখনত অসমৰ ১১৭ গৰাকী প্ৰসিদ্ধ অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিবলগীয়া দুয়োটা দিনতে সন্ধিয়া ৬ বজাৰ পৰা নাটক খন মঞ্চস্থ হ’ব।

উল্লেখ্য যে,এই নাট দৰ্শনীৰ প্ৰৱেশ বিনামূলীয়া আৰু সকলো দৰ্শকৰ বাৱে মুকলি থাকিব । অসমৰ মহান বীৰ চিলৰায়ৰ শৌৰ্য আৰু কলাপ্রেমৰ অমৰ গাথা সকলোৰে মাজত জীয়াই ৰখাৰ বাবে “প্ৰজ্ঞা”ই আয়োজন কৰা এই নাটৰ মঞ্চ ৰূপ উপভোগ কৰাৰ বাবে সমগ্ৰ অসমবাসীৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তা অনুষ্ঠানটিয়ে ৷

আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলত ঐতিহাসিক নাট খনৰ মঞ্চস্থ সন্দৰ্ভত ?ব্যাখ্যা দাঙি ধৰে যশস্বী অভিনেত্ৰী পূৰ্ণিমা পাঠক শইকীয়াই

Exit mobile version