Strict Teacher Transfer Process in the State Soon:
ৰাজ্যৰ শিক্ষা বিভাগত চলি থকা ১৩,৫০০ পদত শিক্ষক নিযুক্তি সম্পূর্ণ হ’লেই শিক্ষক বদলিৰ বৃহৎ প্রক্রিয়া সম্পন্ন হ’ব বুলি বিধানসভাত সদৰী কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে । তেওঁ কয় যে এতিয়াও বহু বিদ্যালয়ত ছাত্র-ছাত্রী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ অনুপাত অসামঞ্জস্য হৈ আছে! ইয়াক নাইকিয়া কৰিবলৈকে ‘কঠোৰ’ সাল-সলনি কৰা হ’ব বুলি শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰে।
তাৰ পাছতো যদি প্রয়োজন হয়, তেতিয়া শিক্ষকৰ নতুন পদো বিভাগে সৃষ্টি কৰিব। মন্ত্ৰীজনে উল্লেখ কৰা অনুসৰি, প্ৰাথমিক বিদ্যালয়ত ৫,৫০০ আৰু মাধ্যমিকত আঠ হেজাৰ শিক্ষকৰ নিযুক্তি প্রক্রিয়া চলি আছে।
উল্লেখ্য যে বিধানসভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এক সংকল্প প্ৰস্তাৱৰ জৰিয়তে বহু বিদ্যালয়ত ছাত্র- ছাত্ৰীৰ সংখ্যাৰ বিপৰীতে শিক্ষক নথকা, বিদ্যালয়ৰ আন্তঃগাঁথনি দুৰ্বল হৈ থকা আৰু কাৰিকৰী শিক্ষাৰ পাঠ্যপুথি অদ্যাপি মাতৃভাষাত প্রকাশ নোহোৱা বিষয়কেইটা উত্থাপন কৰে।
ইয়াৰ উত্তৰতে শিক্ষামন্ত্রী পেগুৱে কয় যে মাতৃভাষাৰ প্ৰসাৰ- প্ৰচাৰত চৰকাৰে গুৰুত্ব দি চাহ বাগিচাত ১১৮ খন বিদ্যালয় স্থাপন কৰিছে। তদুপৰি এশখন বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে। অতিশীঘ্ৰে ৪৫০ খন বিদ্যালয়ৰ গৃহ নতুনকৈ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ বৃহৎ কাৰ্যসূচীও সম্পন্ন হ’ব।
ইপিনে, প্ৰথমবাৰৰ বাবে যষ্ঠৰ পৰা অষ্টম শ্রেণীলৈ গণিত আৰু বিজ্ঞান বিষয় দুটাৰ পাঠ্যপুথি দ্বিভাষিক পৰ্যায়ত ইংৰাজীৰ লগত মাধ্যম অনুসৰি অসমীয়া, বাংলা আৰু বড়ো ভাষাৰ পাঠ সন্নিবিষ্ট কৰা হৈছে।
ডাঃ পেগুৱে আৰু জনাই যে, ইতিমধ্যে অভিযান্ত্রিক পাঠ্যক্রম মাতৃভাষালৈ অনুবাদ কৰা হৈছে আৰু তাৰ শুদ্ধতা পৰীক্ষা কৰি থকা হৈছে। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমো মাতৃভাষালৈ অনুবাদৰ প্রক্রিয়া চলিছে ।
বিৰোধী দলপতি শইকীয়াই শিক্ষা বিভাগক প্রস্তাৱ দিয়ে যে অসমৰ বহু পৰিয়াল বহিঃৰাজ্যত বাস কৰাৰ হেতু তেনে স্থানতো অসমৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয় স্থাপনৰ বিষয়টো বিবেচনা কৰিব পাৰি। ইয়াৰ উত্তৰত শিক্ষামন্ত্রীয়ে জনাই যে যদি সেই ধৰণৰ প্ৰস্তাৱ আহে আৰু বিদ্যালয় এখন চলোৱাৰ চৰ্তাৱলী পূৰণ হয়, তেন্তে চৰকাৰে কথাটো বিবেচনা কৰিব।






























