Charan Deka led the PLP’s Opposition unity Forum:চৰণ ডেকাৰ নেতৃত্বত পিএলপিৰ বিৰোধী ঐক্য মঞ্চত অংশগ্ৰহণ

bhupan bora

Charan Deka led the PLP’s Opposition unity Forum:

বিৰোধী ঐক্য মঞ্চ, অসমত আজি পূৰ্বাঞ্চলীয় লোক পৰিষদ (পিএলপি) দলে আনুষ্ঠানিকভাৱে অংশগ্ৰহণ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিৰোধী ঐক্য মঞ্চ, অসমৰ সভাপতি ভূপেন কুমাৰ বৰাৰ বাসভৱনত আজি পূৰ্বাঞ্চলীয় লোক পৰিষদৰ সভাপতি চৰণ ডেকাৰ নেতৃত্বত এটা প্ৰতিনিধিৰ দলে বিজেপি বিৰোধী ঐক্য মঞ্চত অংশগ্ৰহণ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

অসমৰ সিংহপুৰুষ নিবাৰণ বৰাৰ নেতৃত্বত গঢ় লৈ উঠা পূৰ্বাঞ্চলীয় লোক পৰিষদৰ সম্পাদক ৰাজকুমাৰ বৈশ্য, তপন কুমাৰ শৰ্মা আৰু সাংগঠনিক সম্পাদক সুজাতা শৰ্মাৰ উপস্থিতিত আজি বিৰোধী ঐক্য মঞ্চৰ এক আলোচনা অনুষ্ঠিত হয়।

ঐক্য মঞ্চৰ সভাপতি ভূপেন কুমাৰ বৰাই জানিবলৈ দিয়া মতে অসমৰ আঞ্চলিক ৰাজনৈতিক দলৰ অন্যতম প্ৰতিনিধি পিএলপিয়ে এতিয়াৰে পৰা বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ হৈ কাম-কাজ কৰিব।

বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে ভাৰ্চুৱেল ব্যৱস্থাৰ দ্বাৰা এই বৈঠকত অংশগ্ৰহণ কৰে। ডিব্ৰুগড়ত সাংগঠনিক কামত ব্যস্ত থকা লুৰীণজ্যোতি গগৈয়ে এক বিবৃতিত কয় যে বিৰোধী ঐক্য মঞ্চ সবল কৰাৰ ক্ষেত্ৰত পিএলপিৰ নেতা-কৰ্মীসকল এতিয়া এক সৰৱ জনকণ্ঠ হৈ পৰিব আৰু স্বৈৰাচাৰী বিজেপিৰ বিৰুদ্ধে একত্ৰিতভাৱে সকলোৱে কাম কৰি যাব।

Exit mobile version